পৃষ্ঠা:কুলাচল বধ.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
কুলাচল-বধ।


পুৰ্ব্বতে বুলিলো মোক মাৰা দামোদৰ।
বাঢ়ি দ্বন্দ কৰি তুমি ফুৰা নিৰন্তৰ॥
তোমাৰ কাৰ্য্যক দেখি লোক বিমোহিত।
পুত্ৰক দণ্ডৱা পিতৃ প্ৰহ্লাদ তহিত॥
তুমি মায়া কৰি নৰসিংহ ৰূপ ধৰি।
হিৰণ্যক্ষ বীৰক মাৰিলা লক্ষ কৰি॥
ভাই ভাই যুদ্ধ কৰে বালী যে বানৰ।
চৌৰ ৰূপ ধৰি তুমি বধিলা কিসৰ॥
স্বৰূপত ভ্ৰাতৃ মিত্ৰ গোত্ৰ নুহিকয়
হেনয় কামক কৰিবাৰ যোগ্য হয়॥
আনো অসংখ্যা তুমি কৰি ফুৰা দ্বন্দ।
তথাপিতো লোকে তাৰাকেসে বোলে মন্দ॥
আমিনাম চৰ্চ্চা তোমৰাৰ কৰা নাই।
তথাপিতো আমাৰ কেনে মিলৱা অপাই॥
যদি আমি তোমাৰ ঝোঙ্কাইলো কোনো বেলা
তৈবে অনুচিতে-মোক পাৰিবাহা ভালা॥
মোকো মাৰিবাক নপাৰিলা গাদাধৰ।
সাৰিবে নপাৰা আজি মোহোৰ হাতৰ॥
তুমি যথা যাৱা ময়ো তথাকে চলিবোঁ।
সত্যে সত্যে মই আৰ তোমাকে নেড়িবোঁ॥