পৃষ্ঠা:কুলাচল বধ.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪১
কুলাচল-বধ।


প্ৰকোপিত যম যেন দেখি লাগে ভয়।
গরুড়ও জিজ্ঞাসিয়া আছে দৃঢতয়॥
বেঢ়ে প্ৰস্থে হৱে তাৰ যোজন প্ৰমাণ।
দেবগণে বোলে সবে হোৱয় নিৰ্য্যাণ॥
কৈক যাইবে সবাৰো চিন্তিবো আজি মাৰ।
এহিবুলি মহাকোপে কৰিলা প্ৰহাৰ॥
তাহাকে ধৰিলা ঠোঁঠে বৈনতানন্দন।
দেবগণে প্ৰশংসা কৰিলা ঘনে ঘন॥
হৰিৰ বাহন বীৰ বড় শিৰোমণি।
মহা শিলাখণ্ড যিটো নাশিলা আপুনি॥
মুষল বিনাশি শিলাখণ্ড কৈলা ছন্ন।
মহাখঙ্গ কৰে আতি দানৱৰ মন॥
মহাক্ৰোধ কৰে সিটো ধৰিবাক মন।
দেখি হৰি বধ অস্ত্ৰ হানিলা তেখন॥
মাধৱৰ হাতে ভৈল চক্ৰৰ প্ৰহাৰ।
তাহাৰ বৃহৎ স্কন্ধে পড়িলেক আৰ॥
জটৰাই শিৰ গোট ছেদিলা তেখন।
কতোবেলি থিৰএ বহিলা জীয়া যেন॥
কি ভৈল কি ভৈল বুলি লোকে আছে চায়।
শিৰগোট কতোদূৰে পড়িলেক যায়।