পৃষ্ঠা:কুলাচল বধ.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৮
কুলাচল-বধ।


ছত্ৰ ছামৰে ঢোলে।
যেন মহা সূৰ্য্য জলে॥
হেন অদভুত কথা।
নৌ শুনি যথা তথা॥
দেখা মহা মুনিবৰ।
মহিমাক মহন্তৰ॥
পাণ্ডবৰ পদে হৰি।
মহা যোগ মায়া কৰি॥
দানবক বধিবাৰ।
পাণ্ডৱৰ প্ৰতিকাৰ॥
বঙ্গমনে নাৰায়ণে।
দিব্য পাৰিষদ গণে॥
শুনিয়োক সভাসদ।
কুলাচল বধ পদ॥
পৰম ৰহস্য সাৰ।
আতপৰে নাহি আৰ॥
হৰিৰ ৰহস্য কথা।
নুশুনিলে জন্ম বৃথা॥
জানি শুদ্ধ বুদ্ধ জন।
হৰি পাৱে দিয়া মন॥