পৃষ্ঠা:কুলাচল বধ.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৭
কুলাচল-বধ।


পাৰিষদ সেনাগণ।
দেখি আতি বিতোপন॥
সবাৰো সাৰঙ্গ চাপ।
দৰশনে হৰে তাপ॥
অলঙ্কাৰে প্ৰকাশয়।
চাৰি ভুজ মনোময়॥
সাবাহাৰে বনমালা।
গাৱ আদিত্যৰ জ্বালা॥
সাৰি সাৰি প্ৰকাশয়।
ঘোষে আতি জয় জয়॥
নদী বন সৰোবৰ।
বহি ৰৈল নিৰন্তৰ॥
মধ্য সৈন্য মাঝ কৰি।
প্ৰকাশ কৰন্ত হৰি॥
গিৰ গিৰ কোলাহল।
স্বৰ্গত লাগিল তাল॥
মন্দৰ আকাৰ দেখি।
প্ৰকাশে গরড় পক্ষী॥
স্কন্ধে নাৰায়ণ দেব।
পাৰিষদে কবই সেৱ॥

১৯