পৃষ্ঠা:কুলাচল বধ.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
কুলাচল-বধ।


ইহাক শ্ৰবণ কৰা।
বৈকুণ্ঠৰ পথ ধৰা॥
মনুষ্য শৰীৰ পাই।
কেনে আছা বাট চাই॥
কাল অজগৰে গিলে।
আয়ু যাই তিলে তিলে॥
ইহাক শ্ৰবণ কৰি।
সুখে ভব নদী তৰি॥
বৈকুণ্ঠত লৱা বাস।
কৰি আতি অভিলাষ॥
ভাৰত ভূষণে কয়।
কেশৱৰ গুণ চয়॥
তেজি বিষয়ৰ কাম।
ডাকি বোল ৰাম ৰাম॥

⸺০⸺

পদ।

ধৰ্ম্ম পক্ষিগণে বোলে শুনা মুনিবৰ।
পাছৰ কাহিনী আৰু চাৰি পাণ্ডবৰ॥
যি বেলাত কুলাচলে চাৰিকো ঢালিলা।
দেবতা সবৰ মনে বিষাদ মিলিলা॥