পৃষ্ঠা:কুলাচল বধ.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুলাচল-ধ।


ধৰ্ম্ম পক্ষিগণে মুনিত পুছন্ত
 ৰহস্য কথা পৰম।
জানি জন্মিজয় তুমিয়ো শুনিলা
 ইটো মহা মোক্ষতম॥
শুনা সভাসদ পৰম সম্পদ
 কৃষ্ণৰ চারু চৰিত্ৰ।
তেজি আনকাম বোলা ৰাম ৰাম
 যাৰ বৈকুণ্ঠক চিত্ত॥


ঝুমুৰি।

অনন্তৰ দেৱহৰি।
নিজ যোগ বেশ ধৰি॥
গৰূড়ক আনিলন্ত।
নিজ রূপ ধৰিলন্ত॥
কিৰীটি কুণ্ডল হাৰ।
বনমালা পেচন্দাৰ॥
শঙ্খ-চক্ৰ পদ্ম গদা।
ধৰিয়া আছন্ত তদা
তনুনবসূৰ্য্য জলে।
গরুড় স্কন্ধত চলে॥