পৃষ্ঠা:কুলাচল বধ.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৫
কুলাচল-বধ

ভকতৰ পদে  মোৰ বড় শ্ৰদ্ধা
 সাধো সবে প্ৰয়োজন।
সৰ্ব্বক্ষনে জানা  ভকত সবক
 কবিয়া ফুৰো ৰক্ষণ॥
এহি বুলি হৰি  ৰাজাৰ আগত
 অন্তৰ্দ্ধান ভৈলা পাছে।
তধা দিয়া ৰাজা  কুন্তীৰ তনয়
 চাৰি ভিতি চাহি আছে॥
কিবা মই আবে  দেখিলোঁ সপোন
 আছোহো ধিয়ান কৰি।
এতিক্ষণে মোক  দেখাদি আছিলা
 জানো কৈক গৈলা হৰি॥
হাঁ নাথতুমি  সকামী জনক
 কৰিলাহা পৰিত্যাগ।
নিস্কাম স্বৰূপে  তোমাৰ ভকতে
 সদায়ে পাৰৱ লাগ॥
মই মহা ক্ষীণ  ভকতি বিহীন
 বাঞ্চো বিষয়ক প্ৰতি।
ভূমি পুনু নাথ  নিস্কাম ঈশ্বৰ
 সপ্ৰেম ভক্তৰ গতি॥