পৃষ্ঠা:অঙ্কুৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰণয় ডোলেৰে অঙ্কুৰ। বান্ধি নিৰন্তৰে ৰাখিছা মিলন কৰি, ধনী-দুখী আদি সবাকো পালিছা তুমি ন্যায়-দণ্ড ধৰি। হে দয়াময়! তোমাত বিনাই নাই সংসাৰৰ গতি, কিনো নৈবেদ্যাদি গোটাই আহুতি পূজিম চৰণ দুটি। ভকতি ভাণ্ডাৰ নুবুজো, তোমাৰ স্তুতি, ধুপ, দ্বিপ, জ্বালি, নাই হৃদয়ৰ নানাবিধ বলি, নাজানো, তাকো দুৰ্ম্মতি।