পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৩
কুলাচল-বধ।


এহিমতে গাৱে গাৱে বহুত বুলিলা।
কাকো নমাতিয়া হৰি হাসিয়া ৰহিলা॥
মনত বোলন্ত আক বধিবে লাগয়।
ঔষধি নেদিলে ব্যাধি বাঢ়ে অতিশয়॥
সেহি বেলা পাৰিষদ সব ঝিঙ্কৰিল।
তাহাক বেঢ়িয়া মহাশৰ ঝাক দিল॥
পাৰিষদ গণকো দানৱে প্ৰহাৰিল।
এক প্ৰহৰৰ পথ হুসকি ৰহিল॥
মনত বোলয় হৰি সেনা যত যত।
পাঁচ গুছি চলে দেখাঁ মোহাৰ ভয়ত॥
চাৰি দণ্ড মান আছে তাহাৰ খান্তিৰ।
মৰণ বোলত তাক পাসৰিলে বীৰ॥
দেখি হৰি চক্ৰবাণ কৰিলা প্ৰহাৰ।
কাটিবে লাগিলা মহাবীৰ মানে তাৰ॥
পৰ্ব্বত সমান যানে মুণ্ড ভয়ঙ্কৰ।
কাটিবে লাগিল স্কন্ধ চক্ৰে মাধৱৰ॥
গিৰিস গিৰিস কৰি ভূমিত পড়য়।
কৃষ্ণৰ হাতত পড়ি মোক্ষ গামী হয়॥
আৰু নাৰায়ণ বাণ হৰি প্ৰহাৰিলা।
অসংখ্যাত দানৱ বীৰ কাটিবে লাগিলা॥