পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
কুলাচল-বধ।


লক্ষে লক্ষে হাজাৰে হাজাৰে ছেদ ভৈলা
শোণিতৰ মহা নদী বহিবে লাগিলা॥
যোজন প্ৰণাম নদী বহে ভয়ঙ্কৰ।
উণ্টেবুড়ে কতো তাতে কৰে ধৰফৰ॥
নাৰায়ণ শৰ চক্ৰ বাণৰ প্ৰভাবে।
দেখি সবাহাৰে আতি প্ৰবেশিল গাৱে॥
নিগুটি কৰিয়া সবে ঠাৱতে কাটিল।
সুৰা সুৰ লোক মানে চমক লাগিলা॥
মহাভাৰ ধৰণীৰ গুচাইলা মাধব।
সবাহাৰে পৰাভৱ গুচাইলা উৎসৱ॥
কমনে বুঝিবে পাৰে ঈশ্বৰ লীলাক।
ছাঁয়ায়ে সহিতে যেন উমলে বালক॥
পক্ষীগণে বোলে ওবা জৈমিনি মহন্ত।
সেনাগণ নাশ যে দানৱে দেখিলন্ত॥
ৰিঙ্গদিয়া বোলে হৰি বড় যশ পাইলা।
সমস্ত সেনাক মোৰ খানিকে মাৰিলা॥
মোহোৰ শূলত বড় ভয়ক পাইলাহা।
সৈন্যক মাৰিলা কেনে মোক নমাৰাহা॥
উপেক্ষি আছাহা কেনে জ্বলন্ত বহ্নিক।
চত্ৰুবাণ হামি কেনে নামাৰাহা ফিক॥