পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
কুলাচল-বধ।


মুখ জলে নিমাইল শূলৰ বহ্ণি যত।
হাত মেলি শূলক ধৰিলা আকাশত॥
ঠাৎকাৰ শবদে তিনি ডোখৰ কৰিল।
যেন ইক্ষু খণ্ডক যে মাতঙ্গে ভাঙ্গিল॥
শবদ লাগিল তাৰ ব্ৰহ্ম মণ্ডলত।
কম্পি কম্পি পড়িলন্ত মুনিগণ যত॥
এহিমতে শূল নাশি জগত ৰাখিলা।
ভগা শূল দলি মাৰি সাগৰত থৈলা॥
এতেকেসে শিলাময় যত দারুষণি।
কসটি প্ৰমুখ্যে ৰত্ন শূল কাস্থিচনি॥
যাৰ কটাক্ষত হবে উৎপতি প্ৰলয়।
হব শূল বিনাশন কোন কৰ্ম্ম হয়॥
ইহাক আশ্চৰ্য্য নমানিবা মুনিবৰ।
দ্বৈপায়নে কৈলা কথা বেদ ৰহস্যৰ॥
এহিমতে শূল ছন্ন কৈলা নাৰায়ণ।
ভৈলেক প্ৰসন্ন দিশ ৰবিৰ কিৰণ॥
সিদ্ধ বিদ্যাধৰ যত গন্ধৰ্ব্ব চাৰণ।
কৃষ্ণক আবৰি কৰি কাকুতি বচন॥
আজি চৌধ লোক নাশ কৰয়ে দানবে
তাত নি চাৰিলা ভূমি ভকত বান্ধবে॥