পৃষ্ঠা:কুলাচল বধ.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
কুলাচল বধ।


আগবাঢ়ি শৰ ধনু ধৰিয়া ধাৱয়।
মোক্ষ দিবে মনে হৰি আনিয়া আছয়॥
পাছে ঘোৰ সমৰ মিলিল সেহি স্থানে।
পাৰিষদ গণক বিন্ধিলা ঘোৰ বাণে॥
দানবৰ শৰে ফোটি পাৰিষদ চয়।
অবধ্য শৰীৰ তভো বেদনা কৰয়॥
তেসম্বেয়ো হানে অস্ত্ৰ শস্ত্ৰ যত যত।
কাটি ছিণ্ডি নেই দৈত্য বীৰক সমস্ত॥
এনমতে ছয় দণ্ডমানে প্ৰহাৰিল।
দানবৰ সেনাগণ ৰণত ঘাটিল॥
হুসকি ৰহিল কুলাচলৰ পাছত।
কহে কথা সবে অন্যে অন্যৰ আগত॥
দেখা ওবা কেন ইটো ৰূপ মনোহৰ।
একো একো হৰিৰ চাৰিধান কৰ॥
বিধি পুরুষত জানো প্ৰাৰ্থনা কৰিল।
দয়াকৰি বিধাতা চাৰি হাত দিল॥
চৈধখন পাৰিষদ তাহাক নজানি।
তাসম্বাক সিটো সবে হৰি বুলি মানি॥
আরু গোটে বোলে ভয়া নজানস তয়।
আসম্বাৰ জক্ষ কথা জানি আছোঁ ময়॥