পৃষ্ঠা:কুলাচল বধ.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১২
কুলাচল-বধ।


সবে জ্ঞান শালী আছিলে পটুতৰ।
মহা সত্যবাদী সবে পৰম সুন্দৰ॥
দুৰ্জ্জনৰ সঙ্গে মহন্তৰ অবজ্ঞাত।
বহুতৰ প্ৰজানাশ গৈল সিবেলাত॥
তাসস্বাক উদ্ধাৰিবে মনে দেব হৰি।
আইলা কৃপাময় কৃষ্ণ গরুড়ত চড়ি॥
দেখা মুনিবৰ কেনে দয়ালু ঈশ্বৰ।
আপোনাৰ অংশ জীব নকৰন্ত পৰ॥
পাণ্ডূ পুত্ৰ গণক নিমিত্ত কৰিলন্ত।
কৰ্ণদত্ত যাঠিলক্ষ লোক তাৰিলন্ত॥
এতেকে কৃপালু দেব হৰি বিনে নাই।
দেখিয়োক দানবক ঠাই ঠাই ঠাই॥
ইকথা থাকোক শুনা যুদ্ধৰ কাহিনী।
আগবাঢ়ি গৈলেক দানব বহু চানি॥
তাসম্বাৰ মুখ্য মুখ্য শুনা কিছু নাম।
হেতি চিত্ৰতাক্ষ বোস্ব সুৰ চিত্ৰ কাম॥
মৃগশিৰা মনুসয় অহিত মুগুধা।
কাকশিৰা জন্তনাজ তাক্ষ বনলধা॥
চিত্ৰকণ্ঠ ত্ৰিকণ্ঠ বকৰ মুনিচন্ত।
ইসব প্ৰমখ্য আনো বীৰ অপৰ্য্যন্ত॥