পৃষ্ঠা:কুলাচল বধ.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
কুলাচল-বধ।


এহি চৈধ্য জন হৰি নাছিল পূৰ্ব্বত।
একজন বিষ্ণু আছিল অতীজত॥
ইটো সবে গৈয়া খুজিলেক বিধাতাত।
দিলা দিব্যরূপ আৰু চাৰিখান হাত॥
তাতে কতোগোটে কথা নিষেধি কহয়
যাক হৰি বোল এন্তে কেহো নুহিকয়।
হৰিবা কোথাত আছে গরুড় স্কন্ধত।
যিটো ৰণ কৰে এহি পাৰিষদ যত॥
আমাক মাৰিবে আসি আছে যত্ন কৰি
দানব সবক আজি বধিবন্ত হৰি॥
এহি মতে আনো নানা কহে কথা যত
নিলিখিলো তাক আক সংক্ষেপ পদত।
বপুসুতে বোলে মুনি শুনা মহাশয়।
ভাগিল দানব বীৰ যুদ্ধ নকৰয়॥
হেন দেখি কৰ্ণদত্ত সত মহাবলী।
ৰথত থাকিয়া হাসিলেক খল খলি॥
শুনা পাৰিষগণ বোলোহো তোমাক।
দারুণ স্বভাৱ কেনে দেখি তোমাসাক।
তোমৰাৰ হেনমত যুগুত নোহয়।
মোহোৰ হাতত সেক পাইবাহা নিশ্চয়৷