পৃষ্ঠা:হেমকোষ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰ্ব্বুদ্
অলক্ষিত্
৪৫

অৰ্ব্বুদ্, স.শ. (সং. অৰ্ব্বুদ -- অৰ্ব্ব, হিংস) দহ কোটি, a hundred millions.

অৰ্শ, স.শ. (সং. অৰ্শস্, এবিধ ৰোগ -- ঋ, গতি কৰ) বহিৰ্দ্বাৰে দি তেজ যোৱা ৰোগ, কেচু-মুৰীয়া ৰোগ, the piles.

অৰ্হ, বি. (সং. অৰ্হ, যোগ্য -- অৰ্হ, যোগ্য হ) যোগ্য, উপযুক্ত, fit, proper.

অৰ্হৰ, স.শ. (বং. অড়ৰ, হিং. অৰহৰ, এবিধ মাহ) মিৰি-মাহ, a species of legumenous seed (callibris quadrivalvis.) Valuable for its resin. From the powder a medicine is prepared, which is used as an astringent (Diet: of Econ: Products, India.)

অলগৰ্দ্ধ, বি. (সং. অলস, এলেহুৱা + গৰ্দ্ধভ, গাধ; এলেহুৱা গাধ) মূৰ্খ আৰু এলেহুৱা; যেনে, অলগৰ্দ্ধ মানুহ, stupid and lazy. স.শ. মূৰ্খ, এলেহুৱা মানুহ; যেনে, অলগৰ্দ্ধে লৰচৰ কৰিই নোখোজে, a dull, lazy person.

অলঙ্কাৰ, স.শ. (সং. অলঙ্কাৰ, আভৰণ -- অলং, শোভা + কৃ, কৰ্) ভূষণ, আভৰণ, খাৰু-মণি আদি; কথাৰ ধুন, an ornament; a rhetorical expression.

অলঙ্কাৰ-শাস্ত্ৰ, স.শ. ধুন লগাই কথা কবলৈ বা লিখিবলৈ শিকোৱা পুথি, a treatise on rhetoric.

অলঙ্কৃত, কৃদ.বি. (সং.) শোভিত, ভূষিত, অলঙ্কাৰেৰে সজোৱা, ornamented, adorned, decorated.

অলপ্, বি. (সং. অল্প; তাকৰ) তাকৰ, অধিক নোহোৱা, a little. স.শ. তাকৰ বস্তু, ক্ষুদ্ৰ অংশ; যেনে, ভাল বস্তুৰ অলপেই অধিক, a small portion.

অলপতে, ক্ৰি.বি. অলপ দিনৰ আগেয়ে; যেনে, অলপতে আহিছে; শীঘ্ৰে, সোনকালে, অলপ দিনৰ মূৰতে; যেনে, অলপতে যাব বা হব; অলপ কাৰণতে; যেনে, অলপতে খংটো উঠে, a short time ago, recently; shortly, after a short time: for a trifling reason.

অলপীয়া, বি. (অং. অলপ্) তাকৰীয়া, অলপ্; যেনে, অলপীয়া বস্তু, a few, little, small in quantity.

অলপ্-অচৰপ্, বি. (অং. অলপ + অচৰপ্, অনুৰূ.) তাকৰ-তুকৰ, a little, a few. স.শ. অলপ পৰিমাণ, a small quantity.

অলপ্কৈ, ক্ৰি.বি. (অং.) তাকৰকৈ; যেনে, অলপ্কৈ দিবি; মৃদুৰূপে, ঢিলাকৈ; যেনে, অলপকৈ ধৰিবি, in a small quantity; lightly.

অলপ্-ধতুৱা, বি. (অং. অলপ্, ক্ষুদ্ৰ + ধাতু. প্ৰাণ, ক্ষুদ্ৰ-প্ৰাণযুক্ত) সাহ-নথকা, ভয়াতুৰ; যেনে, বাঘৰ গোঁজৰণি শুনি অলপ-ধতুৱা মানুহৰ প্ৰাণ উৰি যায়; সামান্য় বিধৰ; যেনে, অলপ ধতুৱা মানুহ ৰজাৰ ওচৰ চাপিবই নোৱাৰে, timid; of an inferior sort or class.

অলপ্মান্, স.শ. (অং. অলপ, ক্ষুদ্ৰ + মান, পৰিমাণ) কোনো বস্তুৰ ক্ষুদ্ৰ অংশ, অলপ বস্তু; যেনে, জ্ঞানীয়ে অলপমান পালেই অধিক বুলি ভাবে, a small portion of anything. বি. তাকৰ, অনধিক; যেনে, অলপমান কথা, a little.

অলঙ্ঘনীয়, অলঙ্ঘ্য, বি. (সং. অলঙ্ঘনীয়, অলঙ্ঘ্য, লঙ্ঘিব নোৱৰা -- অ, ন + লন্ঘ, গতি কৰ্) অমান্য কৰিব নোৱৰা; যেনে, গুৰুৰ বাক্য অলঙ্ঘনীয়; পাৰ হৈ যাব নোৱৰা; যেনে, ওখ পৰ্ব্বত অলঙ্ঘ্য, inviolable, not to be crossed.

অলৰ্, বি. (অং. অ, নহয় + লৰ, পৰিবৰ্ত্তিত) নলৰা, লৰচৰ-নোহোৱা, একে দৰে থকা; যেনে, ভাল লোকৰ কথা অলৰ; লৰিচৰি নুফুৰা; যেনে, পৰ্ব্বত অলৰ, unchangeable; not moving about.

অলৰৰূপে, ক্ৰি.বি. লৰচৰ নোহোৱাকৈ, স্বৰূপে, নিশ্চয়ে, certainly, without fail.

অলস্, বি. (সং. অলস, এলেহুৱা -- অ, ন + লস্, কাম কৰ্) কাম-নকৰা, এলেহুৱা, lazy.

অলক্ষিত্, কৃদ.বি. (সং. অলক্ষিত, মনিব নোৱৰা -- অ, নহয় + লক্ষিত, দেখা) নেদেখা,