পৃষ্ঠা:হেমকোষ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰ্থকৰ্
অৰ্ব্বাচীন্
৪৪

সেয়ে তাৰ অৰ্থ (কাপ শব্দৰ অৰ্থ আখৰ লেখা এটা যতন); ধন সম্পত্তি; ফল; উদ্দেশ, meaning; wealth; consequence; an object, purpose.

অৰ্থকৰ্, বি. (সং. অৰ্থকৰ, ধন-উৎপাদক -- অৰ্থ, ধন + কৃ, উৎপন্ন কৰ্) ধন উৎপন্ন কৰা, লাভ জনক, lucrative, gainful. (স্ত্ৰী) অৰ্থকৰী; যেনে, অৰ্থকৰী বিদ্যা।

অৰ্থদণ্ড, স.শ. (সং. অৰ্থদণ্ড, ধন-ডাঁৰণ -- অৰ্থ, ধন + দণ্ড, শাস্তি) জৰীমানা, a fine.

অৰ্থনাশ্, স.শ. (সং. অৰ্থনাশ, ধনহানি -- অৰ্থ, ধন + নাশ, হানি) ধন-হেৰোৱা, ধন নষ্ট হওন, loss of property.

অৰ্থৱন্ত, অৰ্থৱান্, বি. (সং. অৰ্থৱৎ, অৰ্থ-থকা -- অৰ্থ, ধন আদি + ৱৎ, থকা) ধন-থকা; কোনো এক বস্তু বা কাৰ্য্য বুজোৱা, rich, moneyed; significant. স.শ. ধনীলোক; যেনে, অৰ্থৱন্তে বা অৰ্থৱানে সকলো কৰিব পাৰে, a rich man. (স্ত্ৰী) বি. স.শ. অৰ্থৱতী।

অৰ্থবাদ্, স.শ. (সং. অৰ্থ + ৱাদ, তক) কোনো কথাৰ অৰ্থত আসোঁৱাহ উলিয়াই আন অৰ্থ-কৰণ, অৰ্থৰ বিচাৰ কৰণ; যেনে, “হৰিৰ নামৰ যিতো কৰে অৰ্থবাদ,” the act of putting a new construction upon a word or sentence.

অৰ্থাৎ, ক্ৰি.বি. (সং. অৰ্থ, শব্দে যাক বুজায়) ভাঙ্গি কব লাগিলে, বুজাই কওঁতে; যেনে, মনুষ্যে, অৰ্থাৎ, মানুহে, that is to say, namely.

অৰ্থান্তৰ্, স.শ. (সং. অৰ্থান্তৰ, অন্য় এক অৰ্থ -- অৰ্থ + অন্তৰ, পৃথক) অন্য় এক অৰ্থ, বেলেগ অৰ্থ; যেনে, এইটো শব্দৰ অৰ্থান্তৰ আছে, a different meaning.

অৰ্থে, আ.অব্য. (সং. অৰ্থ, অভিপ্ৰায়; কোনো এক অভিপ্ৰায়েৰে) কাৰণে, নিমিত্তে; যেনে, বৰ সবাহৰ অৰ্থে পঁইচা তুলিছে, for the purpose of, for.

অৰ্থোপাৰ্জন, স.শ. (সং. অৰ্থোপাৰ্জন, ধন-ঘটন -- অৰ্থ, ধন + উপাৰ্জন, আৰ্জন) ধন-ঘটন, ধন-লাভ-কৰণ; যেনে, ডেকা কালত অৰ্থোপাৰ্জন কৰিবা, বুঢ়া হলে ভাঙ্গি খাবা, acquirement of wealth, the act of making money.

অৰ্দ্ধ, স.শ. (সং. অৰ্দ্ধ, আধা - ঋধ্, বাঢ়, বেচি হ) আধা, আদ-খানি, half.

অৰ্দ্ধচন্দ্ৰ, স.শ. (সং. অৰ্দ্ধচন্দ্ৰ, চন্দ্ৰৰ এভাগ -- অৰ্দ্ধ, আধা বা এভাগ + চন্দ্ৰ, জোন) চন্দ্ৰ-মণ্ডলৰ এভাগ; চন্দ্ৰৰ এভাগৰ দৰে কপালত পথালিকৈ লোৱা ফোঁট, ৰেঘা, a crescent; a crescent-shaped mark on the forehead of a Hindu.

অৰ্দ্ধৰথী, স.শ. (সং. অৰ্দ্ধৰথ, এজনে সৈতে মাথোন যুজিব পৰা যোদ্ধা) ৰখত উঠি কেৱল এজনে সৈতে মাথোন যুজিব পৰা বীৰ, a warrior who can fight on a car with only one.

অৰ্দ্ধপৈশাচী, বি. (সং. অৰ্দ্ধ, আধা + পৈশাচী, পিশাচৰ, আধা পিশাচৰ ভাষাৰ নিচিনা) মিশ্ৰিত, মিহলি (ভাষাত খাটে); যেনে, অৰ্দ্ধপৈশাচী ভাষা, অৰ্দ্ধপৈশাচী ৰচনা, mixed, not pure - said of language or literary composition.

অৰ্দ্ধেক্, স.শ. (সং. অৰ্দ্ধেক, একৰ আধা -- অৰ্দ্ধ, আধা + এক, দুইৰ আধা) আধেক, দুভাগ-কৰা কোনো এটা বস্তুৰ আধা, one half.

অৰ্প্, স.ধা. (সং. ঋ, গতি কৰ্) কোনো লোকক গতাই বা শোধাই দি, কোনো লোকলৈ পঠাই দি; যেনে, বাপেকে ঘৰৰ সকলো কাম পুতেকত অৰ্পিছে, to make over, to deliver.

অৰ্পণ্, কৃদ.স. (সং.) শোধাই দিয়া বা পঠাই দিয়া কাৰ্য্য; যেনে, ৰজাই ৰাজ্য়ৰ ভাৰ পুতেকত অৰ্পণ কৰিছে, the act of making over or delivering.

অৰ্পণীয়, বি. (সং.) শোধাই দিব লগীয়া, to be delivered.

অৰ্পিত্, কৃদ.বি. (সং.) শোধাই দিয়া, delivered.

অৰ্ব্বাচীন্, বি. (সং. অৰ্ৱ্ৱাচ, এই কালৰ -- অৰ্ৱ্ৱাচ, পাচৰ কাল) আধুনিক, এতিয়াৰ, এই কালৰ, modern.