পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফায় সমাজ ইতি। ১৯০৯ চনত আনন্দৰাম চৌধাৰী ডাঙৰীয়াৰ আৰু বাঢ়িবলৈ বগৰীৰী মৌজাখনো টেঙাৰ লগত চামিল কৰি দিয়ে। অতি সুখ্যাতিৰে তেওঁ মৌজাদাৰী কাম চলাইছিল। আনন্দৰাম চোধাৰ ১৯১৭ চনৰ জানুৱাৰী মাহত স্বৰ্গী হয়। এওঁ অল্পভাষী, চিন্তাশীল, পয়ণ আৰু গম্ভীষ প্ৰকৃতি পুৰুষ আছিল।

এওঁৰ পাঁচ পুত্ৰ, জ্যেষ্ঠপুত্ৰ শ্ৰীযুত ৰামান চৌধাৰীয়ে বৰ্তমানে চডেপুটী কাম কৰে, দ্বিতীয় পুত্ৰ শ্ৰীযুত হৃদয়ানন্দ চৌধাৰী চিলঙৰ চেক্ৰেটাৰী আপিচত কেৰাণী কাম কৰিছিল, পিতৃ স্বগী হোৱাত পৈতৃক মৌজাদাৰী বিষয় গ্ৰহণ কৰে আৰু তৃতীয় পুত্ৰ শ্ৰীযুত গনাৰায়ণ চৌধাৰীয়ে বৰপেটাত ওকালতী ব্যৱসায় কৰে। শ্ৰীযুত যোগেন্দ্ৰ নাথ চৌধাৰীয়ে কলিকতাৰ অষ্টাঙ্গ আয়ুৰ্বেদ কলেজত পঢ়ি যোগ্যতাৰে উত্তীৰ্ণ হৈ বৰ্তমানে কবিৰাজী কৰে। কনিষ্ঠ পুত্ৰ অযুত দেবেন্দ্ৰ নাথ চৌধাৰীয়ে কাৰবাৰ কৰে। শ্ৰীযুত ৰামান চৌধাৰী ডাঙৰীয়া এজনা উচ্চ শিক্ষিত উদাৰমন অমায়িক পুৰুষ। এখেত অতি কৰ্তব্যপৰাণ; চাকৰি কৰোতে সদায় কৰ্তব্য আটুটভাৱে পালন কৰিবলৈ চেষ্টা কৰি চলিছে। এখেত 'তে ন্যায় বিচাৰত চলে; সেই কাৰণে কোনো কোনো সময়ত বন্ধু-বান্ধৱৰ খাটিৰৰ আনমনে প্ৰত্যাক্ষাণ কৰে। সংস্কৃত সাহিত্যত এখেতৰ বিশেষ অধিকাৰ আছে। এখেতে সদায় এটা ডাঙৰ লাইব্ৰেৰী গত ৰাখে আৰু দিনৰ অৱসৰ সময়খিনি জ্ঞান চৰ্চাত ডুব গৈ থাকে। এখেত সংঙ্গীতজ্ঞও; ভাল বাদক বা গায়ক পালে মাজে সময়ে গান-বাজনাত যোগ দিয়ে। অসমীয়া ভাষাতো এখেতৰ বিশেষ হাত আছে। ডেকাকালত সাময়িক কাকতবোৰত তেখেতে উচ্চভাবৰ বহুতো কবিতা লিখিছিল। এইবোৰ সংগ্ৰহ কৰিলে এখন ডাঙৰ কিতাপ হৈ উঠে। এখেতে এখন ভাৰতৰ বুৰঞ্জীও লিখিছিল। এখেতে চিকাৰে ভাল পায়; কাছাৰি বন্ধ হলে মাজে সময়ে চিকাৰ কৰি আমোদ কৰে। আনন্দৰাম চৌধাৰীৰ তৃতীয় ভ্ৰাতৃ ধনীৰাম বৰ বুদ্ধিমান পুৰুষ আছিল, এওঁ আন চৌধাৰীক মৌজা চলোৱা কামত বৰ সহায় কৰিছিল। ধনীৰামৰ জ্যেষ্ঠপুত্ৰ শ্ৰীযুক্ত অনন্তকুমাৰ চৌধাৰীয়ে বৰ্তমানে গুৱাহাটীত ওকালতী কৰে। আনন্দৰামৰ চতুৰ্থ ভ্ৰাতৃ প্ৰযুক্ত মণিৰাম। এওঁ বৰপেটাৰ হাইস্কুলৰপৰা বৃত্তি ধৰি এফ, এ, পঢ়িছিল। পাচত পঢ়িবলৈ এৰি কিছুদিন কেৰাণী কাম কৰিছিল। পাচত চাকৰিৰপৰা অৱসৰ লৈ ঘৰতে আছিল। অলপতে স্বগী হল। আমি ওপৰতে হৰিনাৰায়ণ চৌধাৰীৰ কথা কৈ আহিছে॥ এওঁৰ ৰামনাৰায়ণ নামে এটি পায়ে আছিল। এওঁৰ বংশধৰ সকলো চেঙাতেই আছিল। ৰামনাৰায়ণৰ প্ৰপৌত্ৰ পৃথীনাৰায়ণ সৰুক্ষেত্ৰ পৰণাৰ চৌধাৰী হয়। গৌৰীপুৰৰ জমিদাৰ (ৰঙামাটীয়া বৰুৱা) ৰায় প্ৰতাপচন্দ্ৰ বৰুৱা বাহাৰ পৃথীনাৰায়ণৰ পৌত্ৰী কাঞ্চপ্ৰিয়াক বিয়া কৰায়। এইসূত্ৰে কাঞ্চনপ্ৰিয়াৰ ভায়েক চিত্ৰ আৰু পুড়া পুতেক ভায়েক শ্যামনাৰায়ণ গৌৰীপুৰলৈ উঠি যায়। এওঁলোকৰ বংশধৰ শৰৎচন্দ্ৰ, সাদাপ্ৰসাদ, মণীমোহন বৰ্তমানে গৌৰীপুৰতে আছে। ৰাণী ভবানীপ্ৰিয়া দেবী আমোল সাদাপ্ৰসাদ গৌৰীপুৰ দ্বাৰমোজা আছিল।

  • পাহোৱা আৰু ভৰলাৰ বুছৰ বিশেষ নিপুণ আছে।

৭০