পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ মাজৰ ইতিবৃত্ত। এয়ান চৌধাৰীৰ পাচত তেওঁৰ পুতেক ভবানন্দ চৌধাৰী চেঙাৰ মৌজাদাৰ হয়। কিছুদিন পাচত তেওঁক হস্তিনাপুৰ মৌজালৈ বদলি কৰে; তাত অলপদিন থকাৰ পাচত তেওঁক বৰনগৰৰ দমকা-কাবাষ্টমী মৌজালৈ নিয়ে। ইয়াৰ কিছুদিন পাচত তহশীলৰ সৃষ্টি হোত দমকা-চকাবাউসী তহশীলৰ চামিল হয়, ভবানল চৌধাৰীক পুনৰ চেঙা মৌজালৈ নিয়ে। ভবানন্দ চৌধাৰী ওখ ডাঙৰ পুৰুষ আছিল। এওঁৰ কথা-কাৰ্য্য গম্ভীৰ আছিল। শাৰীৰিক বলতে এওঁ বলৱন্ত আছিল; আন কি ডেকা কালত এওঁ বনত সোমাই টিপডোল লগাই অকলে বনৰীয়া মহে ধৰি আনিছিল বুলি প্ৰবাদ আছে। ৰাজকাৰ্যতে এওঁৰ বৰ নাম কৰিছিল। সেই সময়ৰ চীফ কমিচনাৰ মহামান্য চাৰ বেমকফিল্ড ফুলাৰ আৰু কমিচনাৰ লেফটেনান্ট কৰ্ণেল পি. আৰ. টি. গৰ্ডন চাহাবৰ এওঁ প্ৰিয়পাত্ৰ আছিল। সেই কালৰ মৌজদাৰসকলে চাৰ্ভে জানিবলগা এটা নিষম হৈছিল; তাকে দেখি ভবানন্দ চৌধাৰীয়ে মৌজাদাৰী বিষয় জ্যেষ্ঠপুত্ৰ আনন্দৰাম চৌধাৰীক দি অৱসৰ গ্ৰহণ কৰে। ভবানল চৌধাৰী ৭৭ বছৰ বয়সত স্বৰ্গী হয়; স্বৰ্গী হোৱাৰ অলপ আগতে এওঁৰ মধ্যম পুত্ৰ ধনীৰাম চৌধাৰীৰ অকাল মৃত্যু শোক পাইছিল। আনন্দৰাম চৌধাৰী পোনতে গুৱাহাটীৰ হাইস্কুলত পৰিছিল। আনন্দৰাম চৌধাৰীয়ে হাইস্কুলৰ শেষ পৰীক্ষা দিবলৈ নাপালে; ঘৰুৱা জঞ্জালৰ বাবে তেওঁ কেইটামান শ্ৰেণী পঢ়িয়েই এৰি পেলালে। কিন্তু কিছুদিন পাচত তেওঁ গুৱাহাটীলৈ আহি নৰ্মাল স্কুলত নাম লগায়। এওঁ নৰ্মালস্কুলৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ পৰীক্ষাত যোগ্যতাৰে উত্তীৰ্ণ হয় আৰু লগতে চাৰ্ভেও পাচ কৰে। ইয়াৰ অলপদিন পাচত আনন্দৰাম চৌধাৰীয়ে মঙ্গলদৈৰ শ্বেতমাদাৰ ছাত্ৰবৃত্তি সুলৰ প্ৰধান শিক্ষকৰ কাম কৰে। এই কামত তেওঁ অলপদিন থাকিয়েই পিতৃৰ ঠাইত চেঙা মৌজাৰ মৌজাদাৰ হয়। এওঁ অতি সুখ্যাতিৰে মৌজা চলাইছিল। এওঁৰ কাৰ্যৰ শৃঙ্খলা দেখি কামৰূপৰ সেই সমযৰ ডেপুটী কমিচনাৰ মিঃ টিউনন চাহাবে তেওঁক তহশীলদাৰ পদলৈ মনোনীত কৰিছিল। ১৮৯৪ চনৰ মাটিৰ দহচনা বন্দোৱস্তীত খাজানা বৃদ্ধি হয়; সেই কাৰণে সৰুক্ষেত্ৰি আৰু বৰক্ষেত্ৰ মৌজাৰ প্ৰজাসাধাৰণে খাজনা দিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহৰ ভাব প্ৰকাশ কৰে। ডিপুটী কমিচনাৰ আৰু বৰপেটা মহকুমাধিপতিয়ে আনন্দ চৌধাৰীক এদল ফৌজ দিয়ে। চৌধাৰীয়ে নানা কৌশল কৰি সাধুব্যৱহাৰে প্ৰজাসাধাৰণৰপৰা খাজনা আদায় কৰে। ইয়াতে বৃটিছ গবৰ্ণমেণ্ট সন্তুষ্টহৈ চৌধাৰীক তলত দিয়া চাটিফিকত দিছিল- "In command of His Excellency the Viceroy and Governor General this certificate is presented in the name of Her Most Gracious Majesty Queen Victoria, Empress of India to Srijut Anandaram Dutta, Son of Bhobananda Dutta, Mauzadar of the Barpeta Subdivison in the Kamrup District in recognition of his good service." B. C. Mitra. (80.) H. J. S. Cotton June 22nd, 1897. Chief Commissioner of Assam. তাকে দেখি