পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৱ সমাজৰ ইতিবৃত্ত।

স্বস্তি সম্ম,ও মঙ্গলং শিশুৰ মণ্ড•••••• •••স্বৰ্গনাৰায়ণ পূৰ্ণম দুৱৰা বৃহৎ ফুকন দত্তং ঐশিব সিংহ নানকাৰ পত্ৰিকম মহিপ। কামৰূপ দেশৰ বড়ুৱা বড়কায়স্থ ও চৌধাৰী ও পটোৱাৰী ও তালুকদাৰ ও ঠাকুৰীয়া ও গয়ৰহ আনোসকলে সাবধানে জানি। ক্ষেলিৰ পৰণাৰ চেগাগ্ৰামৰ ফৰিঙ্গতি চৌগুঙ্গিমাটা ২৩ পুড়া বৰিমাটা ৭ পুড়া মুতে ৩০ পুড়া মাটী ৩ ( অৰ্থে) পুণ্যে মধুৰাম পাটয়াৰীক নানকাৰ স্বত্ব কৰি দিয়া হৈল। শালমাৰা লাহাকাড়া বৰক্ষেত্ৰ এহি তিনি••••••নানকাৰ•••দিয়গ••••••কৰ কাটাল••••••বেহৰে•••••চোৰ চিনান ও ধুমসী মাড়েসা, জলক, যবখাৰ অত্ৰ দণ্ডবন্ধ দান খুত সৰ্ববাব পৰিত্যাগ কৰা হৈল। ইতি শক ১৬৬১•••••• [ ওপৰৰ শ্লোকৰ বাকী অংশ আৰু ফুটদিয়া ঠাইবোৰৰ আগৰ উঠি গৈছে, মাৰি নোৱাৰি। ইংৰাজ আমোলত স্পেচিয়াল কমিচনাৰৰ বিচাৰত অন্যান্য নানকাৰ ব্যদ গৈ তেল ওপৰত উল্লেখ কৰা ৩০ পূৰা নানকাৰ মাটিতে বহাল থাকে। এই সম্বন্ধে পৰবৰ্তী কালত না মোকদ্দমা হৈছিল কিন্তু বিশেষ ফল নধৰিলে। শিৱসিংহ ৰজাৰ দিনত কামৰূপ পিয়াল কৰিছিল; এই পিয়লৰ কামত মধুৰামে পাটোৱাৰ কাম কৰে। মধুৰামৰ লগত কেইঘৰমান স্বজাতি আছিল; এওঁলোকে মধুৰামৰ পূৰ্বপুৰুসকলৰ লগে লগে ফুৰিছিল; মধুৰামে এই স্বজাতিসকলৰ কেইজনমানক তেওঁৰ তলত কাকতী কৰি লয়। এই সৎসঙ্গী সত্ৰৰ কাম চলাবলৈ আহোমৰাজ শিৱসিংহ মহীপে চৌধাৰী বংশৰ মধুৰ মহন্তক ২৫ ঘৰ ব্ৰাহ্মণ, কায়স্থ, কলিতা, কে ওট আৰু নাপিত আৰু এঘাৰ গোট তিনি পোৱা ভকত দিছিল। মধুৰাম মহন্ত গদি ৩ বহি ৰাজঘৰীয়া কাম কৰিবলৈ ভাল নোপোৱা হয়, আৰু সেই কাৰণে তেওঁৰ পুত্ৰ পৰ্বানন্দক আহোমৰাজতলে পাটোৱাৰী বিষয় দিয়ায়। পৰ্বানন্দই ৰজা ঘৰৰপৰা আৰু কিছুমান ভূসম্পত্তি লাভ কৰে। পৰ্বানন্দৰ পুত্ৰ পূৰ্ণানন্দ। পূৰ্ণানন্দৰ দিনত উজনিৰ মোৱামৰীয়া বিদ্ৰোহত দেশত বৰ হাহাকাৰ লাগে—আৰু ৰাজ্যত বৰ আকাল হয়। বংশাৱলীৰপৰা বুজা যায়—এই সময়ত পূৰ্ণানন্দৰ অৱস্থা বৰ বেয়া হয়; তেওঁ হাবিৰ পহু মাৰি তাৰ মঙ্গহ খাই কালযাপন কৰিব লগাত পৰে। পূৰ্ণানন্দৰ পুত্ৰ উপানন্দ। উপানন্দৰ ডেকা কালত ১৭৯৬ খ্ৰী: অত কামৰূপত হৰদত্ত আৰু বিৰদত্তই বিদ্ৰোহ আচৰণ কৰে। হৰদত্ত-বীৰদত্তে চেঙাৰ চৌধাৰী বংশকে তাত যোগ দিবলৈ অনুৰোধ কৰাত তেওঁ উত্তৰ দিয়ে—“ভূইফুট। বিষয়াৰ লগত চেঙাৰ চৌধাৰী যোগ দিবলৈ ভাল নাপায়।” ইয়াৰ পাচত দত্ত-বীৰদত্তৰ লগত উপানন্দৰ মল্লযুদ্ধ হয়। প্ৰবাদ আছে এই যুদ্ধত উপানন্দই হৰদত্ত-বীৰদত্তক পৰাস্ত কৰি দুয়োকো চাউলখোৱা নদীত পেলাই দিলে। ডুমডুমীয়া বা হৰদত্ত-বীৰদত্তৰ বিদ্ৰোহ সামৰণিৰ পাচত আহোমৰাজ গৌৰীনাথ সিংহে ক্ষেত্ৰি-পৰাগণ। ভাঙি সৰু-কেত্ৰি, বৰক্ষেত্ৰ আৰু চেঙা নামে তিনিখান পৰগণাত ভাগ কৰি উপানন্দ আৰু তেওঁৰ বংশ পৃথ্বীনাৰায়ণ আৰু শ্যামনাথ চৌধাৰী পাতে। . -