পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত। আহামৰ লগই ৰায়- এ নাৰাযণ- আহোমে দেশ অধিকাৰ কৰাত মোগনিযুক্ত বিষয়াবোৰ এৰা পৰে। বৰনগৰৰ জমিদাৰ উত্তম নাৰায়ণ, হাজোৰ দৈত্যাৰি উজীৰ আৰু অনেক অৱসৰ পোৱা বিষয়াৰ অৰত আহোমৰ বিদোহ। প্ৰতি বিদ্বেষ ভাব জন্মে। ১৬৩৬ খ্ৰী: অত মোগলে পুনৰ কামৰূপ আক্ৰমণ কৰে। এই সময়ত সুন্দৰ, উত্তম নাৰায়ণ আদিয়ে মোগলৰ লগত যোগ দি আহোমৰ লগত শ্ৰীঘাটত ৰণ কৰে। এই ৰণৰ ফলত মোগল ৰাজ্যৰ সীমা পুনৰ বৰনদীলৈ বাঢ়ে। মোগলৰ পূৰ্ব বিষয়াসকলে পূৰ্ব পূৰ্ব বিষয় লাভ কৰে; কিন্তু হলো পানা উঠি যায়-গুৱাহাটীত ফৌজাদাৰ থকা কৰে। তেতিয়া ফৌজাদ'ৰে সুন্দৰাষক হাজোত চৌধাৰী বিষয় দি সেই ঠাইৰ শাসন ভাৰ দিয়ে। কিন্তু এইদৰেও বেচি দিন নচলিল - মোগল বাদচাহ চাহজাহানৰ শেষ সময়ত তেওঁৰ পুত্ৰসকলৰ ভিতৰত সিংহান লৈ কাজিয়া হোৱাত কামৰূপৰ পৰা কিছুমান সৈন্য লৈ যোৱাত আহোমে পুনৰ কামৰূপ অধিকাৰ কৰে (১৬৫৮৫৯ খ্ৰীঃ অঃ) যাৰপৰা গুৱাহাটীত এজন বৰফুকন নামৰ ৰাজপ্ৰতিনিধি থাকিবলৈ ধৰে আৰু তেওঁ কামৰূপ

  • সন কৰে। এই বৰফুকনে পূৰ্বৰ মোগল বিষয়াসকলক বিশ্বাস নকৰিছিল আৰু প্ৰাযবিলাক বিষয়াকে পদচ্যুত

কৰিছিল। সুনৰয়ো পদচ্যুত হয় আৰু লগে লগে তেওঁৰ সম্পত্তি বাজেয়াপ্ত হয়। এই সময়ত বৰফুকন আৰু সুন্দৰৰাৰ পুত্ৰ দুৰ্লভ নাৰায়ণৰ ভিতৰত ভোগদৰ বিল লৈ কাজিয়া হয়। (ভাগদৰ বিলত বহুত মাছ আছিল; বৰফুকনে সেই সংবাদ পাই মচ্ছ মৰাই ৰং চাবলৈ মন কৰি তাৰ ব্যৱস্থা কৰে। দুৰ্লভ নাৰায়ণে ত ত বাধা দিয়াত বৰফুকনে অপমান বোধ কৰি তাৰ প্ৰতিশোধ লবলৈ স্থিৰ কৰে। দুৰ্লভনাৰায়ণ পিতা সুন্দৰৰায়সৈতে ৰামদিয়া ত্যাগ কৰি ভটীয়াই যায়, আৰু চাউলখোৱা ও ব্ৰহ্মপুত্ৰৰ মাজৰ চেঙা নামে গাৱত কো কৰি বাস কৰে। অলপ দিন পাচত দুৰ্লভ ৰামদিষাৰ ফালে ফুৰিব আহে; বৰফুকনে তাৰ সংবাদ পাই কিছুমান মানুহ পঠাই তেওঁক তাপাত হত্যা- কৰায়। সুন্দৰৰ যে চাৰাবাৰ সত্ৰাধিকাৰৰ কন্যা সুনীতিক বিষ কৰিছিল। চতুৰ্ভুজ ঠাকুৰেও সুনীতিৰ বায়েক ৰেৱতী আইক বিষ কৰিছিল; এই কাৰণে দুই শালপতিৰ ভিতৰত সোহাৰ্দভাৱ জন্মিছিল। দুৰ্লভ আহোমৰ হাতত মৰাপৰা সংবাদ পাই ৰেৱতী আই ভণীয়েকৰ সংবাদ লবলৈ আহে কিন্তু সুন্দৰষায় ‘ক্তি দেখি তেওঁৰ ঘৰত নাথাকি নদীৰ পাৰত বাহৰ কৰি ৰয়; তাতে সুন্দৰৰায় মনত বেয়া পাই গৱতী ধৰ্ম গ্ৰহণ কৰে তেতিয়াৰপৰা এই বংশ ভাগৱতী ধৰ্মাৱলম্বী। দুৰ্ল ক হত্যা কৰা সংবাদ আহোমৰাজৰ কাণত পৰাত তেওঁ বৰ দুখ পায়; আৰু প্ৰধান মন্ত্ৰী চাংৰায় বুঢ়াগোহাঁই দুৰ্লভৰ পুত্ৰ হৰিনাৰায়ণক ক্ষেত্ৰিভাগত চৌধাৰী বিষয় দিবলৈ আদেশ হৰিনাৰায়ণ হৰিনাৰায়ণ সেই সময়ত নাবালক আছিল, সেই কাৰণে গুড়াক কমলনাৰায়ণে ক্ষত্ৰিভাগৰ চৌধাৰী বিষয় চলায়; পাচত হৰিনাৰায়ণ ডাঙৰ হোৱাত কমলনায়ণে সেই বিষয় এৰি দি উত্তৰে শালদিয়াত হাউলি পাতি বাস কৰে। পৰবৰ্তীকালত এই ঠায়ে সৰু চেঙা আৰু হৰিনাৰায়ণ ” ঠায়ে বৰ চেঙা নাম পায়। হৰিনাৰায়ণ চৌধাৰী বিষয় চলোৱাৰ অলপ দিন পাচত গদাধৰ সিংহ আহোম ৰাজপাটত উঠে আৰু তেতিয়া চৌধাৰী বিষয় এই বংশৰপৰা আনলৈ যায়। মধুম নহত-হৰিনাৰায়ণৰ জ্যেষ্ঠপুত্ৰ মধুৰামে চেঙাত এখন সৎসঙ্গী সত্ৰ স্থাপন কৰে। ১৭৩৯ খ্ৰীঃ অত শিৱসিংহ ৰাজা গুৱাহাটী অ'হোঁতে মধুমে জাক দেখা কৰাত সন্ত্ৰ চলাৰলৈ আগৰ ভূসম্পত্তিৰ বাহিৰে কিছুমান ভূমি দান কৰে।