পৃষ্ঠা:অঙ্কুৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ। তোমাতে জনম তোমাতে মৰণ তোমাৰেই দিন ৰাতি, মায়াৰ সংসাৰ মায়াতে মজিছে লুকাল জ্ঞানৰ ভাতি। মায়াময় মেঘে হৃদয় ঢাকিলে একোকে নেদেখা হলোঁ, গন্তব্য পথত খলা বমা দেখি কৰ্ত্তব্য পাহৰি গলোঁ। কালৰ সোঁতৰ প্ৰখৰ বেগত জীৱন উন্মাদ হল, নিয়তি হাতত প্ৰাণ সমৰ্পিছে৷ কাললৈ কুখ্যাতি ৰল।