বাহ্যিক কেৰোণসমূহ সময়মতে সংস্কাৰ সাধন কৰি লোৱাহেঁতেন, এনে আপুৰুগীয়া সম্পদ এটি চিৰকাললৈ লুপ্ত হৈ যাব নাপালেহেঁতেন।
সময়ৰ প্ৰত্যাহন : কলাকাৰসকললৈ
প্ৰসঙ্গিক নহলেও, তুলনামূলক উদাহৰণ এটা এইখিনিতে দিয়া প্ৰয়োজন অনুভৱ কৰা হ'ল। বৰ্ত্তমানে আন্তঃৰাষ্ট্ৰীয় সম্মান লাভ কৰা দক্ষিণ ভাৰতৰ ‘ভাৰত নাট্যম’ ভাৰতীয় নৃত্যৰ ভিতৰতে পুৰণিকলীয়া। এসময়ত এই নৃত্যও দেৱালয়ত দেৱদাসীসকলে পৰিবেশন কৰিছিল। কিন্তু কালৰ সোঁতত দেৱালয়ৰ পৰা গৈ ই ৰজা- মহাৰজাসকলৰ বিলাস-কক্ষত স্থান পালে। — দেৱপূজাৰ পৰা মানৱ- পূজাত পৰিণত হ'ল। যেতিয়া চৰম আৰু বিভৎস ৰূপ ললে, তেতিয়া এই প্ৰথা আইনৰ সহায়ত বন্ধ কৰি দিয়া হ'ল। সৌভাগ্যবশতঃ ই একেবাৰে লুপ্ত হবলৈ নাপালে। দুই-চাৰি গৰাকী মহান শিল্পীৰ আপ্ৰাণ চেষ্টাৰ ফলত সংস্কাৰ সাধিত হৈ নতুন ৰূপত পুনৰ লোক-সমাজত প্ৰবেশ কৰিলে। আজি বহু শিক্ষিত ডেকা- গাভৰুৱে ‘ভাৰত-নাট্যম’ শিকিবলৈ লৈছে। এনেদৰে সমাজৰ নানা গ্লানি সহি ‘দেৱদাসী’য়ে ৰক্ষা কৰা এই নৃত্য-শিল্প পৃথিবীৰ ভিতৰতে এটি অমূল্য ৰত্ন হিচাবে পৰিগণিত হৈছে।
এনেকুৱা লুপ্ত হব খোজা ভাৰতৰ বিভিন্ন অঞ্চলৰ ধ্ৰুপদী নৃত্য- গীতবোৰ উদ্ধাৰ কৰি স্বনামধন্য শিল্পী উদয় শঙ্কৰে ১৯৩০ চনমানৰ পৰাই দেশ-বিদেশে এই নৃত্য দেখুৱাই ভাৰতীয় নৃত্য-কলাৰ মৰ্য্যদা ঘূৰাই আনিবলৈ সক্ষম হৈছে।
ওপৰৰ উদাহৰণ ডুবি দেৱালয়ৰ পৃষ্ঠপোষক তথা অসমৰ শিল্প- সংস্কৃতিৰ সাধকসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান কেনেকৈ কাৰ্য্যকৰী কৰা হয়, সংশ্লিষ্ট মহলে নিশ্চয় চিন্তা কৰি চাব বুলি আমাৰ অনুৰোধ।