হয়গ্ৰীৱ মাধৱৰ মন্দিৰো কোঁচৰজা ৰঘুদেৱে সেই সময়ছোৱাতে (১৫৮৩ খৃঃ) নিৰ্ম্মাণ কৰে। গতিকে আন ধৰ্ম্মীয় সম্প্ৰদায়ৰ সৈতে আদৰ্শগত সংঘাতত তিষ্ঠিব নোৱাৰি দেৱদাসী প্ৰথা লোপ হোৱা বুলি কোৱাতো সমীচীন নহব।
সকলোৱে স্বীকাৰ কৰে যে, দেৱদাসীসকলৰ সমাজ-ব্যৱস্থা আমাৰ গাৱঁলীয়া সমাজ-পৰম্পৰাৰ পৰিপন্থী আছিল। সেয়ে সমাজৰ ৰক্ষণশীল ব্যক্তিসকলে দেৱদাসীসকলক সু-নজৰে দেখা নাছিল। এইটো সত্য কথা যে, দেৱদাসীসকলে কুমাৰী-জীৱন * (১) যাপন কৰিবলগীয়া হোৱাত তেওঁলোকৰ নৈতিক দিশত সঁচা-মিছা অনেক দুৰ্যশ ৰতনা হৈছিল। ফলত ৰক্ষণশীলসকলে দেৱদাসী সম্প্ৰদায়টো একেবাৰে বন্ধ কৰি দিলে।
এই আন্দোলনৰ নেতৃত্ব দিয়াসকলে এই শিল্পটোৰ কেৱল স্থুল অৱয়ৱটোহে দেখিলে; অন্তৰ্নিহিত সুন্দৰৰ ৰূপটো উপলব্ধি কৰিব নোৱাৰিলে। শ্ৰীসুৰেশ্চন্দ্ৰ গোস্বামীদেৱে কোৱাৰ দৰে ‘মন্দিৰৰ নৃত্য- ৰতা আৰু ধনী সম্প্ৰদায়ে উপভোগ কৰা এই দেৱদাসীসকল সময়ৰ সোঁতত বেশ্যাত পৰিণত হ'ল। দুঃসহ আৰু দুষ্ট বেশ্যাবৃত্তি অৱলম্বন কৰা নৃত্যপটীয়সী দেৱদাসীবোৰক সকলোৱে হীন চকুৰে চাব ধৰিলে’। (ভাৰতীয় নৃত্যকলা)
দৰাচলতে দেৱদাসী প্ৰথাৰ অপমৃত্যুৰ ঘাই কাৰণ আমাৰ তথা- কথিত সমাজৰ গন্ধৰ্ব্ব-বিদ্যা বা গন্ধৰ্ব্ব-সমাজখনৰ প্ৰতি থকা অজ্ঞতা। শিল্প বস্তু কোনোদিনে কুৰূপা নহয়। সাত্বিক ৰসৰ ওপৰত ভিত্তি কৰি ই সত্য শিৱ-সুন্দৰৰ আৰাধনা কৰে। ৰূপত কেতিয়াবা কিবা কালিমা পৰিলেও ঘঁহি-পিহি পৰিষ্কাৰ কৰি লোৱাৰ থল থাকে। প্ৰকৃতাৰ্থত এইটোৱেই ৰীতি। দেৱদাসী সম্প্ৰদায়ৰৰ জীৱন-যাত্ৰাৰ
* (১) কুমাৰী মানে অবিবাহিতাহে, অক্ষত যৌনি নহয়! এওঁলোকে যাৰে তাৰে সৈতে যৌন-সম্পৰ্ক কৰাত বাধা নাছিল।