প্ৰভৃতি জমিদাৰ শ্ৰেণীৰ হাতত থকা ৰজাদিনীয়া নথিপত্ৰত ডুবি দেৱালয়ৰ আহোম সৰ্গদেউসকলৰ সাহায্য সম্পৰ্কে থকা উল্লেখ আদি দেখুৱাই ইংৰাজ চৰকাৰৰ দেৱালয় খাচ কৰা মনোভাবৰ সলনি ঘটাবলৈ সমৰ্থ হয়। তেতিয়া চৰকাৰে শিৱসিংহৰ দান ফলিৰ পৰি- পূৰক হিচাবে নতুনকৈ পেৰাকাকত কৰি দিয়ে। সত্ৰ-দেৱালয় পৰিদৰ্শনকাৰী এজন কৰ্ম্মচাৰীয়ে তেনে এখন পেৰাকাকতত এটি মন্তব্য লিখি থৈ যোৱাৰ পৰা উক্ত কথাৰ সত্যতা প্ৰতীয়মান হয়। তেওঁৰ মন্তব্য হ'ল— ‘বিল্লেশ্বৰ, পিঙ্গলেশ্বৰ, পৰিহৰেশ্বৰ এতদ্দেশে মান আক্ৰমণ কালিনে ফলি হাৰাইবাৰ দৰুণে ৭৭৪ পুৰা মাটি ও ৫৪ গোট পাইক দেওয়া গেল।’
দেৱালয়লৈ ৰজাই দান কৰা সৰ্ব্বমুঠ মাটি ৭৬০ পুৰা। জিলা গেজেটিয়াৰৰ মতে লাখেৰাজ ১২৮০, নিষ্পিখেৰাজ ১৭৬০ বিঘা। ৰজাই দিয়া পাইক, নট-নটী আদি (পিচত অন্য সম্প্ৰদায়ৰ লোকো আহিছে) এই নিষ্পিখেৰাজ মাটিত বসবাস কৰিবলৈ দিয়া হৈছিল। তাৰ সলনি তেওঁলোকে আধা খাজনা দিব লাগিছিল।
লাখেৰাজ মাটিৰ কোনো খাজনা নাই। এই মাটিৰ পৰা হোৱা আয় সম্পূৰ্ণৰূপে বিগ্ৰহৰ ভোগ-প্ৰসাদ, দেৱালয়ৰ আন আন উৎসৱ-পাৰ্ব্বণ আৰু উন্নয়নমূলক কামত খৰচ কৰা হৈছিল। সেই বাবে এই মাটিক ভোগধনী মাটিও বোলে। ভোগধনী মাটি ভোগ কৰাসকলে বছৰে প্ৰতি পুৰা মাটিৰ বাবদ দেৱালয়ত একোটাকৈ ভোগ দিব লাগিছিল। এটা ভোগৰ পৰিমাণ— চাউল এঘাৰ সেৰ, ঘিউ আধা পোৱা, মিঠাতেল তিনি পোৱা, তামোল দুই গণ্ডা আৰু পাণ দুই মুঠা। দেৱালয়ৰ ভঁৰালীয়ে এই ভোগৰ সামগ্ৰী সংগ্ৰহ কৰি নিব লাগিছিল।
দেৱালয়ৰ নটীসকলে এক পুৰাকৈ বিনা খাজনাত নিষ্পিখেৰাজ মাটি ভোগ কৰিবলৈ পাইছিল। তেওঁলোকে ভোগ কৰা মাটিৰ পথাৰখনক আজিও ‘বেশ্যাৰ পথাৰ’ বুলি কোৱা হয়।