নাট-মন্দিৰৰ ঘৰটো দীঘলে ১০০ হাত, পথালিয়ে ৬০ হাত, ওখ ১৫ হাত।
মন্দিৰৰ দক্ষিণফালে ভোগধনী ঘৰ। ইয়াতে গোসাঁইৰ ভোগ ৰন্ধা হয়। ভোগধনী ঘৰৰ লগতে বুলনি-ঘৰ।
মন্দিৰৰ পূব-দক্ষিণ দিশত প্ৰায় দুই কঠা মাটি জুৰি কেতেকী- বাৰী। ৰজাদিনীয়া কেতেকী গছবোৰ আজিও আছে। বসন্ত কালত ইয়াৰ ফুলৰ সুবাসে সমগ্ৰ অঞ্চলটোকে আমোল-মোলাই পেলায়। স্থানীয় মানুহে এই কেতেকীডৰাত এহাল সাপ থকা বুলি কয়। মাজে-সময়ে হেনো গোসাঁইৰ ওচৰলৈ আহে। সেই সময়ত মানুহে দুয়োকো দেখা পায়।
মন্দিৰত প্ৰবেশ কৰিবলৈ এটি টিনৰ বাট-চ’ৰা আছে। বাট- চ’ৰাটো পশ্চিমফালে অৱস্থিত। আগতে মন্দিৰৰ পূবকালে এটি পাতকুঁৱা আছিল। মন্দিৰত পৱিত্ৰ পানীৰ যোগান ধৰিবলৈ শিৱ- সিংহ মহাৰাজে কুঁৱাটো নিৰ্ম্মাণ কৰি দিছিল। বৰ্ত্তমানে সেই কুঁৱাটো নাই— মাটিত পোত গৈছে। মন্দিৰ প্ৰাঙ্গণত এজোপা তালগছ। ইয়ো বহু পুৰণি। ডুবিৰ তালগছ হাজোৰ শালগছ বাঢ়ি গৈ দেখা দেখি হলে ‘দুৰ্বলগিৰি’ পাহাৰ ওপৰলৈ উঠিব আৰু পুষ্পভদ্ৰা নদী আকৌ ববলৈ লব বুলি বুঢ়া-বুঢ়ীসকলে বিশ্বাস কৰে।
ৰাজ-ছত্ৰছাঁয়াত দেৱালয়
দেৱালয় সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে সৰ্গদেউ শিৱসিংহই ৭৬০ পুৰা মাটি আৰু ৫৭ গোট পাইক দান কৰিছিল। ৰজাই দান কৰা মূল তামৰ ফলি মানৰ আক্ৰমণৰ সময়ত কেনেবাকৈ হেৰাই যায়। ইংৰাজে অসম লোৱাৰ পিচত দানপত্ৰ দাখিল কৰিব নোৱাৰা হেতুকে পৰিহৰেশ্বৰ দেৱালয়ৰ সমূদায় মাটি-বাৰী খাচ দখললৈ নিবলৈ চেষ্টা চলায়। তেতিয়া সেই সময়ৰ দলৈ গৰাকীয়ে নানা যত্ন কৰি আন আন তৎকালীন (ৰজাই পতা) বৰুৱা, চৌধুৰী