পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সাধু কথাৰ জোলােঙা।

বামুণ-মগনীয়া ইত্যাদিক মতাই অনাই, নানা দান দক্ষিণা কৰিবলৈ ধৰিলে। আৰু নানা প্ৰকাৰে মনৰ আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে।

 সতিনীয়েকৰ পুতেকৰ এনেই মাত মাতিবৰ শক্তি প্ৰায় নোহোৱা হইছিল। তাৰ ওপৰত দৰপে তাক আৰু অচেতন কৰি থইছিল। আনন্দৰ কোঢ়াল শুনি বহুত পৰৰ মূৰত সি চেতনা পাই লাহে লাহে চকু মেলি চাই, মাহীয়েকক বৰ প্ৰফুল্ল দেখি সোধিলে, “মাহি, আজি কিয় ইমান ধূমধাম? তই ইমান আনন্দিত হইছ কিয়?” মাহীয়েকে তাক সাপোট মাৰি ধৰি কপালত চুমা খাই কলে—“মোৰ আজি ৰঙ কৰিবৰ দিনেই, মোৰ বোপাই; কিয়নোল তোৰ পেটৰ ভিতৰলৈ যি দাল সাপ সোমাইছিল, সেই দাল সাপ আজি আপোনাআপোনি ওলাই আহিল! সৌ দাল, চা, মই মাৰি থইছে! এই বুলি আগৈয়ে বিচাৰি মাৰি থোৱা, দীঘল মৰাসাপ এডাল আনি তাক দেখুৱালে। ইয়াত পুতেকে গাত ইমান বল পালে যে সি একেচাবে উঠি বহিল আৰু কলে, “মাহি, সঁচাকৈয়ে পেটটো আজি বৰ পাতল পাতল লাগিছে। ইস্! মই মৰিম বুলিহে জানিছিলোঁ। যেই হক, ঈশ্বৰে তেও ৰক্ষা, কৰিলে! মাহি, আজি গধূলিকৈ মই ভাতো অলপ খাব পাৰিম হবলা। কাৰণ পেটটো খালি পৰিলত, এতিয়া

অলপ ভোক ভোক যেনও লাগিছে।”