পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পঞ্জাবী সাধু।

সি মৰিলে আমি এটাইকিটা জীৱ খাবলৈ নেপায় নিগমে মৰিম! ধনবস্তু লোকে কাঢ়ি নিয়াটোতো পাৰিছোঁৱেই! হায়! আমি কি মূৰ্খামি কৰিব খুইছিলো!”

 এনেটো ঘটিব বুলি মাকে আগৰে পৰা জানিছিল। কিন্তু সেইবোৰ ভাব গোপন কৰি ক’লে, “ভাগ্যে সি এতিয়াও নমৰাকৈ আছে দেখিহে! নহলে তোহোঁতে আজি মোক চৌঠেঙীয়া কৰিলিহেতেন। সি মোক নিজৰ মাতৃতুল্য জ্ঞান কৰে। তোহোঁতৰ কথাত তাক মই সঁচাকৈয়ে মাৰি পেলোৱাহেতেন, আজি মোৰ কি অৱস্থা হলহেতেন : তোহোঁতেও খবলৈ নেপাই মৰিলিহেতেন, মোকো মাৰিলিহেতেন। সি যি কি নহক আজিৰ পৰা তোহোঁতে আৰু তাক কেতিয়াও পৰ বুলি নেভাবিবি। তোহোঁত এটাইকিটা যদিও বেলেগ বেলেগ গৰ্ভত উপজিছ, তথাপি একে পিতৃৰ সন্তান। ঈশ্বৰে এই ঘটনা দ্বাৰা তোহোঁতৰ চকুত আঙলি বতিয়াই এই কথাষাৰ ভালকৈ বুজাই দিলে। তোহোঁত আগলৈকে সাৱধান হবি?” এই বুলি মাকে ককায়েকক পুনৰ জীয়াবলৈ গাত ললে। পুতেকহঁতেও নিজৰ গালত নিজে চৰিয়াই, আগলৈ ককায়েকক ককাই বুলি জানিবলৈ শপথ খালে।

 পাছদিনাখন দুপৰীয়া সতিনীয়েকৰ পুতেক, দৰপ এটাৰ গুণত প্ৰায় অচেতন হই চালপীড়া এখনৰ ওপৰত পৰি আছিল। মাহীয়েকে মনে মনে দেখোৰ ফকিৰ ফোকোৰা,