অনিৰুদ্ধ:
|
আপোনাৰ নিস্ফল গৰ্জনত মই ভয় নাখাওঁ। প্ৰতিযোদ্ধা মই— মোৰ সৈতে মাত্ৰ যুদ্ধ কৰক। আপোনাৰ শক্তিৰ পৰীক্ষা হওক
|
(দুয়ো আকৌ ভীষণ যুদ্ধ কৰে। বাণৰ আক্ৰমণ অনিৰুদ্ধই ব্যৰ্থ কৰি যায়। অৱশেষত বাণৰ হাতৰ পৰা অস্ত্ৰ পৰি যায়। বাণে খঙত বলিয়া হৈ মূৰৰ চুলি ছিঙিব খোজে।)
বাণ:
|
উস্— নহয়— নহয় আত্মৰক্ষা কৰ। ক’লৈ সাৰিবি? “জয় শিৱ শম্ভো!” (নাগ-পাশ প্ৰয়োগ কৰে)
|
(বান্ধ খাই পৰি আকৌ থিয় হয়। ঊষাই কান্দি আউলী-বাউলী হৈ বাণৰ ভৰিত পৰেহি)
ঊষা:
|
পিতা! পিতা! কি কৰিলা তুমি? কি কৰিলা? অ’ পিতা—
|
বাণ:
|
কাক পিতা বুলি মাতিছ তই? দূৰ হৈ যা। দূৰ হৈ যা। মোৰ কন্যা নাই। মোৰ কন্যা মোৰ বংশৰ কলঙ্কত জহি নাইকিয়া হল। বৰ আশা কৰিছিলো; সকলো নিস্ফল কৰিলি!কলঙ্কিনী! প্ৰহৰী! প্ৰহৰী!
|
|
যা, এই বালকক বন্দীশালত নিক্ষেপ কৰগৈ। সাৱধান!
|
(বন্দী অনিৰুদ্ধক, প্ৰহৰীবোৰে নিব খোজে ঊষাই আহি অনিৰুদ্ধৰ ভৰিত গবা মাৰি ধৰে)
বাণ:
|
সাৱধান ঊষা! প্ৰহৰী! কি চাই আছ? লৈ যা— লৈ যা।
|
(প্ৰহৰীয়ে অনিৰুদ্ধক টানি লৈ যায়— ঊষাই বিয়াকুল হৈ ভৰিত ধৰি চুচৰি যায়— ‘নি—নি—বা নিনিবা’ ‘পিতা’, ‘পিতা’ বুলি)
বাণ:
|
(খঙত বলিয়া হৈ চাই) ঊষা! ঊষা!! ঊষা!!!
|