৬৬
অনিৰুদ্ধ:
|
বীৰ আপুনি; বিজ্ঞ আপুনি; বিবেচনা কৰক।
|
বাণ:
|
বিবেচনা? দোষী তই, তাৰ শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ।
|
অনিৰুদ্ধ:
|
ভাল কথা পিতা। বীৰৰ সন্তান মই। যুদ্ধ কৰিব জানো। কাপুৰুষৰ দৰে মই মৰিবলৈ প্ৰস্তুত নহওঁ।
|
বাণ:
|
বীৰ তই? ইমানেই যদি তোৰ বীৰত্ব তেন্তে কিয় গুপ্ত-ভাৱে মোৰ কন্যাৰ অন্তেষপুৰত প্ৰৱেশ কৰিছিলি? তই হীন যদুকুলত জন্ম লৈ এনে হীন বৃত্তি অৱলম্বন কৰাটো একো আচৰিত নহয়।
|
অনিৰুদ্ধ:
|
পিতা। হ’ব পাৰো নিঃসহায় মই, হ’ব পাৰো নিৰস্ত্ৰ মই, সেই বুলি মিছা অপবাদ মই সহ্য নকৰো। বেছ কথা। আপোনাৰ অস্ত্ৰ আৰু মোৰ এই বাহু। বিবেচনা কৰক— যদি নকৰে তেন্তে অনিৰুদ্ধই আপোনাক ন্যায়যুদ্ধলৈ আহ্বান কৰিছে। ক্ষত্ৰিয় মই, শত্ৰুৰ বীৰ্যৰ পৰীক্ষা নকৰাকৈ মৰিবলৈ শিকা নাই। বাহুযুদ্ধ কৰক, নাইবা মোক অস্ত্ৰ দি ন্যায়যুদ্ধত প্ৰবৃত্ত হওক।
|
বাণ:
|
বেছ কথা। অস্ত্ৰ ল। (অস্ত্ৰ এখন দিয়ে) এতিয়া প্ৰস্তুত হ। (বাণে আক্ৰমণ কৰে। দুয়োৰে ভীষণ যুদ্ধ হয়। ঊষাই ভয়ত, কি কৰিব কি নকৰিব একোকে বুজিব নোৱাৰি আচৰিত হৈ ৰৈ থাকে। অনিৰুদ্ধৰ হাতৰপৰা অস্ত্ৰ উফৰি যায়। ঊষাই ততালিকে তুলি দিয়ে।)
|
বাণ:
|
পাপিনী— পাপিনী। তই তোৰ পিতাৰৰ বিৰুদ্ধে অস্ত্ৰ দি সহায় কৰিবলৈকো কুণ্ঠিত নহ’লি?
|
ঊষা:
|
পিতা! পিতা— মোক ক্ষমা কৰা। তোমালোকৰ যুদ্ধৰ কি প্ৰয়োজন? মইতো একো বুজা নাই পিতা। উস্— কি কৰিছা পিতা— কি কৰিছা। (ঊষাই মাটিত পৰি কান্দে।)
|
বাণ:
|
এনে কন্যা মোৰ জীয়াই থকাতকৈ মৰাই শত গুণে শ্ৰেয়।
|
(অস্ত্ৰ দাঙি লয়; অনিৰুদ্ধই বাধা দিয়ে।)
অনিৰুদ্ধ:
|
ক্ষান্ত হওক। জ্ঞানহীন নহ’ব। অবলাক অস্ত্ৰাঘাত কৰিবলৈ অস্ত্ৰৰ সৃষ্টি হোৱা নাই। বীৰ আপুনি। ধিক্, শত ধিক্।
|