পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাবিদ বাণীকান্ত কাকতি


কাকতি প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিল। সেই আয়ৰ টকাৰে কোনোমতেহে পৰিয়ালটি চলিব লগা হৈছিল।

 পিছে ঘৰখন বৰ ধৰ্মপৰায়ণ আছিল। নিতৌ গধূলি নামঘৰত ৰাইজৰ সতে নামপ্ৰসঙ্গ, ঘোষা পদেৰে গোসাঁই সেৱা কৰিছিল। এই পদবোৰে শিশু বাণীকান্তক অমায়িক আৰু সৎ স্বভাৱৰ কৰি গঢ়ি তুলিছিল। ঈশ্বৰৰ প্ৰতি ভক্তি আনিছিল।

 ককাইদেউৱেকে চাকৰি কৰা শিলা প্ৰাইমাৰী স্কুলতে বাণীকান্ত কাকতিয়ে বিদ্যা আৰম্ভ কৰে। প্ৰথমৰ পৰাই তেওঁ পঢ়াত ইমান মনোযোগী হৈ পৰিছিল যে কিতাপৰ বাহিৰে অন্য কথা মনত ঠাই পোৱা নাছিল। কেতিয়াবা কাষত বহা ছাত্ৰজনকো তেওঁ দেখা পোৱা নাছিল। সৰহ নম্বৰ লৈ বৃত্তি লাভ কৰি তেওঁ প্ৰাইমাৰী পাছো কৰিলে। তাৰপিছত হাইস্কুলত নামভৰ্ত্তি কৰিলে। হাইস্কুলতো বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লৈ তেওঁ প্ৰথম হৈ পাছ কৰি গ'ল। তাৰবাবে তেওঁ চেমুৱেল স্মাইলৰ ৰচিতপুথি ‘চেলফ্ হেল্প’ আৰু জাৰ্মান পণ্ডিত মেক্সমুলাৰৰ পুথি এখন পুৰস্কাৰ পাইছিল। এই পুথি দুখনে তেওঁক বৰ সহায় কৰিলে। ফল পাবলৈ কষ্ট কৰিব লাগে, ধৈৰ্য্যই সাহসীকতা আনে ইত্যাদি কথাবোৰ তেওঁ তাৰ পৰা শিকিছিল।

 ১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষা দি তেওঁ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰথম হৈ প্ৰথম বিভাগত পাছ কৰিলে। ইংৰাজী বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ পালে। সেই সফলতাৰ বাবে সোণ আৰু ৰূপৰ পদকেৰে পুৰস্কৃত হ’ল। সুখ্যাতিৰে