পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষাবিদ্‌ বাণীকান্ত কাকতি

 স্বাধীন ভাৰতৰ আগৰ কথা। তেতিয়াৰ জীৱনধাৰা আজিৰ দিনৰ দৰে সুখ-সুবিধা একেবাৰেই নাছিল। লেখা-পঢ়া কৰাৰো একো বাধ্যবাধকতা নাছিল। অসমত দুই এখনহে পঢ়াশালি আছিল- সেইয়াও প্ৰাইমাৰীহে। কলেজ এখনেই। গুৱাহাটী কটন কলেজ। শিক্ষা মানুহৰ বাবে কিমান প্ৰয়োজন মানুহৰ অনুভৱো নাছিল। তথাপি তেনেকালতে অসমত কেই গৰাকীমান লোকৰ জন্ম হৈছিল। যি কেইজনাই শিক্ষাৰ প্ৰয়োজন ভালকৈ বুজিছিল। নিজে শিক্ষিত হৈ জাতিটোৰ মঙ্গলৰ কাৰণে উঠি পৰি লাগিছিল।

 ১৮৯৪ চন। অসমৰ নামনি ভূমি বৰপেটা ঠাইখনিৰ পূৱে ৬ মাইল মান দূৰত এখনি গাঁও। নাম কাতিকুৰহা। তাতে ললিত ৰাম কাকতি আৰু লাহে বালা দেৱীৰ এটি পুত্ৰ জন্ম হয়। পুত্ৰটি তেওঁলোকৰ পাঁছোটি সন্তানৰ শেষ সন্তান। সময়ত এই সন্তানটিয়ে মহা পণ্ডিত শিক্ষাবিদ ড° বাণীকান্ত কাকতি নামেৰে খিয়াতি অৰ্জন কৰে।

 বাণীকান্ত কাকতিৰ ঘৰখনৰ অৱস্থা টনকিয়াল নাছিল। পিতৃ তেওঁৰ জন্মৰ কিছুদিনৰ আগতে ঢুকাইছিল। ডাঙৰ ককাইদেউৱেক পৰমানন্দ