লভিতাৰ বিষয়ে গাঁৱে-ভূঁয়ে নানা কথা ওলাইছে, আজি যদি মই লভিতাক আশ্ৰয় দিওঁ, মাক সমাজে—
লভিতা।(ঙৰ জ্বলি উঠি) নানা কথা ওলাইছে! অৱশ্যে যি ঘটনাৰ মাজেদি ঈশ্বৰে মোক নিছে—ওলাব। মোৰ মান গ’ল, ইজ্জত গ’ল, জাত গ'ল বুলি মানুহে ভাবিবৰ কথাই। কিন্তু তুমি -তুমিও মোক ঘিণ কৰিবানে?
গোলাপ। কেতিয়াও নকৰোন-নকৰোঁ। লভিতা,-মই আজিকালিৰ ডেকা লৰা, লভিতা!
লভিতা। আজিকালিৰ ডেকা লৰা। আজিকালি উপজিছা, সেইবুলিয়েই নে? অকল আজিকালি উপজিলেই আজি কালিৰ লৰা হব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো আজি দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথাটো সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত কবলৈ সাহ নাই, কৰিবলৈ সাহ নাই।
গোলাপ। (তলমূৰকৈ থাকে।)
লভিতা। তুমি নকবা, আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হবই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম কাৰণ, মূৰ্খ সমাজৰ, সঙ্কীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়