গোলাপ। মই মৌজাদাৰনী তেনে বুলি ভবা নাছিলো।
লভিতা। তেওঁলোকে মানুহক গৰকি গৰকি, মানুহক যে, মানুহ বুলি ভাবিব লাগে, সেইটো পাহৰিয়েই গৈছে।
ইলাহী। এৰা, দুনীয়াখন বৰ কঠুৱা। পিছে যি হয় এটা কৰা। তোমালোকৰ ঘৰলৈকে লৈ লোৱা।।
(গোলাপে একে নামাতি মনে মনে থাকে। ইলাহীয়ে লভিতাৰ ফালে চায়। লভিতাই তলমূৰকৈ থাকে।)
ইলাহী। (কিছুপৰ গোলাপৰ ফালে চাই) একো নামাতিলা দেখোন?
গোলাপ। এৰা মই একো বুদ্ধিকে পোৱা নাই। (চিন্তা কৰে।) ধৰিছে কিছু কিছু। পিছে আমাৰ এই ফালৰ গাওঁবোৰত এতিয়াও বেছি ভাগ গঁঞায়েই একেবাৰে আগৰ দস্তুৰকে খামোচ মাৰি ধৰি আছে।
ইলাহী। তোমালোকে ডেকাবোৰে পিছে—?
গোলাপ। আমি ডেকাবোৰেও যুজিছো, তাৰ বিৰুদ্ধে যুজিছো। পিছে ঘৰখনৰ মানুহৰ সৈতে যুঁজা বৰ টান, বাহিৰৰ মানুহৰ সৈতে যুজি-বাগৰি সিহঁতক সৈমান কৰাব পাৰিলেও ঘৰৰ মানুহক নোৱাৰি৷
ইলাহী। কিয় বাপাই, এই ছোৱালী তুমিয়েই বিয়া কৰোৱাৰ কথা! তুমিয়েই তাইক নি আশ্ৰয় নিদিয়া কিয়?
গোলাপ। (কিছু পৰ মনে মনে থাকি) ইলাহী মিঞা! আজি