মৌজাদাৰনী। (মুখৰ বৰণ সলাই) অ’ হয়ৰাম ! আহাঁ আহাঁ বােপাই আহা। এৰা, আকৌ আজি কেবাদিনৰে পৰা বেত গাজ খাবৰ মনটো গৈ আছিল; আনিলা ভালেই হ’ল ৷
হয়ৰাম। কৃষ্ণ—কৃষ্ণ (আগবাঢ়ি আহি ৰান্ধনিঘৰৰ পিৰালিতে বেত-গাজ আৰু হাঁহৰ টোমটো খয়, অৰু হাতত অনা লাখুটিডাল পাৰি বহে।)
মৌজাদাৰনী। এহ-চাওঁ-চাওঁ-এই লভিতা! এই গাঁওবুঢ়াক পীৰা এখন দে। (লভিতাই ভিতৰ সােমাই পীৰা এখন দি আকৌ ভিতৰলৈ সােমাই যায়।)
হয়ৰাম। আই। এই সিদিনা সেই বােমা পৰি বাপেক মৰা ছােৱালীজনী নহয়নে?
এৰা, আই দেশখনতনো কি হব খুজিছে, কবই পৰা নাই । ইফালে সেই মিলিটেৰীখন, সিফালে আকৌ জাপানী, মাজতে আকৌ কংগ্ৰেছৰ ভলণ্টিয়াৰখন।
মৌজাদাৰনী। অ’ আকৌ তাৰ ভিতৰতে আকৌ সেই কমুনিছনে কিবা নৰমনিছখন ওলাইছে নহয়।
হয়ৰাম। হয় আই, হয়। সেই কমিনিষ্টকিটা আই, বৰ চকু-চৰহা। সিহঁতৰ মােৰ গুটি-ধানৰ ভঁড়াল কেইটাতহে চকু ৷ সিহঁতে কৈছে বােলে মােৰ হেনাে অকলে চাৰিটা ভঁড়াল