লোকে জুতি নাপায়। আপোনালোকে বাৰে বঙলুৱা জুতি ধৰি খোৱা মানুহ, সেই কাৰণেহে।
মৌজাদাৰনী। (খঙত চিঞঁৰি) বাৰে বঙলুৱা! আঞ্জা এখন ৰান্ধিব নাজান? তাৰ মূৰত তাইৰ কথা কটাৰ কোব কি চাবা? বান্দী খাটিবলৈ আহিছ, থুপৰি, ভাৱৰী-বান্দীৰ দৰে কথা কবি। বৰ কথা মাতিলে-
লভিতা (মুখৰ ওপৰতে) কি বৰ কথানো মাতিলো আই? মই বান্দী খাটিবলৈ অহা নাই। মোক উপযাচি ইয়ালৈ আশ্ৰয় দিবলৈ অনাতহে আহিছো ৷
মৌজাদাৰনী । (পেংলাই কৰি) বান্দী খাটিবলৈ অহা নাই? মোৰ ৰজাৰ জী আইদেউক দাং দোলাকৈ ইয়াত বৰ চাঙত তুলি থৈ কুঁৱৰী পাতিবলৈ আনিছিলে?
লভিতা। আই! মই ঘৰত থকাত অসন্তোষ পাইছে যদি যাবলৈ কলেই যামগৈ নহয়। মৰিবলৈ কিবা পৃথিৱীখনত ঠাই নোহোৱা হৈছেনে ?
মৌজাদাৰনী । অঁ নোহোৱা হৈছেতো । বাগৰি বাগৰি এইখিনি ওলাইছহি। সৰু মুখত বৰ কথা ভাল নহয় দেইবা বুজিছ?
এনেতে হয়ৰাম গাওবুঢ়াই টোম এটাত আমৰলীয়া হাঁহ এটা আৰু এহাতত বেত গাজ এসোপা লৈ চোতাল সোমায়।
হৰ ৰাম। কৃষ্ণ-কৃষ্ণ- আই বন্দীয়ে সেৱাহে জনাইছে ।