পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। পোৱালি'য়ে তেনে উপকাৰ পাহৰিলে মানুহ নামৰে অযোগ্য হয়। ৰূপহী নামে-গাৱেঁ মিলি যোৱা আছিল। তাই বৰ ৰূপৱৰ্তী আৰু গুণৱতী, কিন্তু কপাল ফুট। বাৰেই বিয়া দিবৰ ছমাহ নৌ হওঁতেই গিৰীয়েক ঢুকাল; তাই ফুলতে বাৰী হল। এনে দুৰ্ঘটনা দেখি শহুৰেক-শাহুৱেক আদি ঘৰৰ সকলো মানুহেই তাইক শাঁখিনী, 'ৰাক্ষসিনী,' গজমুৰী আদি আখ্যা দিলেই লেই ছেই ছেই কৰিবলৈ ধৰিলে। এই কথ; আব-তাৰ মুখে শুনি ( কাৰণ ইমান কষ্টভোগ কৰিও ৰূপহীয়ে মাকলৈ বতৰা দিয়া নাছিল ) মাকৰ পোৰ৷ পেটে নসছিলে! গিৰীয়েক মৰাৰ কিছু দিনব পাচতে মাকে নিজে গৈ তাইক লৈ আহিল আৰু তেতিয়াৰপৰা কটনা কাটি জীবিকাৰ উপায় উলিয়াইছিল। লৰাকালৰেপৰা মই ৰূপহীক বৰ ভাল পাইছিলোঁ। দুয়ো একে লগে উমলি ডাঙৰ-দীঘল হৈছিলোঁ। কিন্তু বিধিৰ বিড়ম্বনা, কালত দুয়ো আঁতৰা আঁতৰি হব লগাত পৰিলোঁ। এতিয়া আমাৰ গাৱঁৰ ঘৰলৈ আহি ৰূপহীৰ এনে দুৰ্দ্দশা দেখি মনত বৰ দুখ পালোঁ। ৰূপহীৰ আমন-জিমন ভাব আৰু চিৰপ্ৰফুল্লময়ী মুখখনি বিষাদ-ডাৱৰে ঢকা দেখি বৰ বেজাৰ লাগিল। নিজে যিমান দূৰ পাৰে৷ ৰূপহীহতৰ দুখ আতৰাবলৈ, যথাসাধ্য সহায় কৰিবলৈ মন মেলিলোঁ। ৰূপহীৰ মাক এদিন আমাৰ ঘৰলৈ আহোঁতে এই কথা তেওঁৰ আগত ভাঙি-ছিঙি কঙ্গো। তেওঁ কলে, “বোপাটি, তোমাৰ মাৰা-বাপেৰাই আমাক আপোন হেন দেখিছিল। এতিয়াহে আমি পৰ হলো! এতিয়া আৰু সেই দিন নাই—–সেই ৰামো নাই, অযোধ্যাও নাই। আমাৰ মাহে, গঞা-ভূঞা সকলোৱে, খিয়লাখিয়লি কৰিবলৈহে শিকিছে। ওচৰ চুবুৰীয়া দুখত পৰিলে কাকে। কোনেও চকু মেলি নাচায়। ইফালে ইষৰে-সিঘৰে দন্দ, খোৱা-কামোৰা, মৰামৰি কটাকটি। আজিকালি