পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভেঁকা বৰুৱাৰ বিয়া ভালেমান টকা খৰচ কৰি পৰা কৰালোঁ। তাৰপৰা বেচ পৰিষ্কাৰ থাৰু ফটফটীয়া পানী ওলাল। পথাৰলৈ সাউংকৰে বৈ যাব পৰ৷ কৰি বাৰীৰ চাৰিওফালে ডাঙৰ ডাঙৰ খাল খনালোঁ আৰু সেই খালবোৰলৈ বাৰীৰ ভিতৰৰ পানী বৈ যাবৰ কাৰণে ঠায়ে ঠায়ে সুবিধা বুজি কেইটামান সৰু সৰু নলাও বনালোঁ। থালবোৰ পকা কৰিবৰে মন আছিল, কিন্তু "ৱস্থা চাই ব্যৱস্থা” কৰিব লগা হোৱাত বৰ্তমান তেনে কৰিব নোৱাৰিলোঁ। টোলৰ ভিতৰত বা দাতি-কাষৰীয়! ঠাইত যতে ততে শৌচ কৰা দত্তৰ বেয়া; সেই কাৰণে নাৰপৰা ভালেখিনি আঁতৰত এটা মৰং-ৰ সজালে॥ ঘৰৰ ভেঁটিবোৰ বৰ ওখ কৰালে।; কাৰণ চাপৰ ভেঁটি হলে ঘৰৰ ভিতৰখন প্ৰায়ে জেকা হয়। বেৰবোৰ চুণেৰে লিপালো। চুণেৰে বেৰ সিপালে অঞ্চল যে দেখিবলৈকে ভাল হয় এনে নহয়, এই নিয়মটোৱে স্বাস্থ্যৰক্ষাতে সহায় কৰে। গৃহস্থালীৰ বাকী আসোঁৱাহবোৰ লাহে লাহে আঁতৰাবলৈ ভবিষ্যতে আশা ৰাখিলোঁ। এইবোৰ দেখি শুনি কিন্তু চকু-চৰহ!, অজীৰ্ণ-পাতকী মানুহবোৰৰ হিয়! পুৰিবলৈ ধৰিলে। (B) আমাৰ গাৱঁতে ৰূপহীহতৰ ঘৰ। ৰূপহীয়ে এতি ধাৰী ভাঙ খাইছে৷ দেউতাক ছবছৰৰ আগেয়ে ঢুকাল। ৰূপহীহঁতৰ অৱস্থা বৰ্তমান বৰ বেয়!। মাক-জীয়েক দুয়ে৷ কাপোৰ-কানি বৈ তাকে বেচি- মেলি কোনোমতে পেট পুঁহিছিল। সেই বুলি তেওঁবিলাকে কাৰে৷ ওচৰত ফুট। এগছৰ নিমিত্তেও হাত নাপাতিছিল। ওচৰ সম্বন্ধীয়! মানুহ এজনে টানে-আপদে নিজে উপযাচি সহায় কৰিছিল। ৰূপহীৰ দেউতাকে এই মানুহজনক আগেয়েঁ যি উপকাৰ কৰি গৈছিল 'মানুহৰ