পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলগ্ৰহ | জোলোকে আশীৰ্ব্বাদ দিব লাগিছে। ৰোগৰ প্ৰতাপ একোৰ চৰিল। ন-গৰাকীৰ গাতহে সম্পূৰ্ণ দায়। মৌজাদাবে দন্দ কৰিবলৈ হাক দি নৰিয়া-পাটীৰপৰ। কিমান চিঞৰিব লাগিছে, তথাপি ঘৈণীয়েকহঁতৰ কাণসাৰ নাই, বৰ ছোৱালীটিয়েইছে যি প্ৰতিপাল কৰিছে; এওঁ- বিলাকতো ওচৰলৈকে অহা নাই। থাকি থাকি একো একোবাৰ বেমাৰীয়ে কৰুণ জ্বৰে, কাতৰ কণ্ঠে কয়, “উস্! নই কি গঙ্গগ্ৰহটো চপাই ললোঁ! মই কেনে নিৰ্ব্বোধ!!* মৌজাদাৰৰ পৰিয়া কম হওক ছাৰি ক্ৰমে বেচিহে হৈ, উঠিল। নিয়মিত শুশ্ৰূষাৰ অভাৱেই ইয়াৰ ঘাই কাৰণ৷ মূৰকত তেওঁ বচা টান হল। জ্বৰ হোৱাৰ কুৰি দিনৰ পাচত তেওঁ সংসাবলীলা সামৰি অনস্ত নিদ্ৰাত পৰিল। লগে লগে ঘৰত কান্দোনৰ ৰোল উঠিল। 29. বেমাৰীৰ কাণ তাল মাৰিলে;; বৰ পুতেকলৈ বিজুলী-ডাকত বাতৰি পঠিয়াত তেৱো ৪ দিনৰ মূৰত ঘৰ পালেহি। যথা সময়ত প্ৰেতকৰ্ম্মাদি হৈ গল। ঘৰ এখনৰ ভাৰ মূৰত পৰাত তেওঁ আৰু কলিকতালৈ যাব নোৱাৰিলে, এফ.এ পাচ কৰাৰ আশাত জলাঞ্জলি দিবলৈ অৱস্থাই তেওঁক বাধ্য কৰিলে। মাজিউ ভায়েকলৈ নানা উপদেশেৰে চিঠি এখন লিখাত সি ঘৰলৈ উভতি আহিল আৰু ককায়েকৰ আদেশমতে, ঘৰতে থাকি ঘৰ চলোৱাত তেওঁক সহায় কৰিবলৈ ধৰিলে। মৌজাদাৰৰ বৰ পুতেকে মৌগাটো পালে আৰু দেউতাকৰ বছেৰে- কীয়া শ্ৰ'দ্ধ হৈ যোৱাৰ কিছু দিনৰ পাচত বিয়া-বাৰু কৰাই, ধাৰ ঋণ মাৰি সুথেৰে দিন নিয়াবলৈ ধৰিলে। তেওঁ পৈতৃক সম্পত্তিৰ ভাগ এট। দি মাহীয়েকক নিজৰ মাকৰ ঘৰতে থাকিবলৈ দিহা-পোহা কৰি দিলে। এনে বন্দবস্ত কৰাত বহুতে তেওঁৰ গাত দোষৰ ছাঁ পেলাব