পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22 ডেকা বৰুৱাৰ বুলনী। কাইলৈ পঠিয়াম। সেইবোৰ কথা এতিয়া এৰ। পিচে কচোন বাৰু, তোৰ পঢ়াশুনা কেনে হৈছে।” পুতেকে পঢ়া-শুন৷ ভাল হৈছে বুলি কোয়াত তেওঁ বৰ আনন্দ পালে আৰু পুতেকক আদৰ-সাগৰ কৰিলে। তিন দিনৰ পাচত দুয়ো ঘৰ পালেহি। ঘৰত আহি মাজিউ পুতেক আঁতৰি যোৱ৷ বাতৰি শুনিহে মৌজাদাৰ বৰ দুঃখিত হল। দুদিন ঘৰত থাকি তেওঁ মৌজালৈ উলটি যাবৰ সময়ত বৰ পুতেকে বলে, “দেউতা, মই হলে মাহীদেত্তক ইয়ালৈকে লৈ আহিবলৈ কওঁ। নিজৰ খভাৱ ভাল হলে বৌৰ লগত বেচ মিলা-প্ৰীতিৰে থাকিব পাৰিব। ‘আপোন ভালেই জগৎ ভাল। কেঞাৰ ঘৰত আপোনাৰ ইমানবোৰ ধাৰ আছে; তাতে যদি আকৌ দুখন ঘৰ পুহিব লগাত পৰে, তেনেহলে আপোনাৰ ভিকাচন ভাগিব। এতেকে আপুনি অলপতে তেওঁক থৈ যাওকহি।” পুত্তেকৰ কথাৰ শলাগ লৈ মৌজাগৰ ঘৰৰপৰা ওলাল আৰু "চু- দিনৰ পাচত মাহীদেৱেৰক ইয়ালৈ পঠিয়াম” বুলি কৈ গল। নিৰ্দিষ্ট দিনত নতুন মৌজাদাৰৰ্নী আহি পুৰণি ঘৰ পালেছি, কিন্তু তেওঁ স্বভাৱৰ গতিকে তাত তম্ভিব পৰাটো লাহে লাহে টান হৈ উঠিল। তলে তলে দন্দ-হাইৰ গছে শিপাবলৈ ধৰিলে। শেষত ইয়াৰ সদে পাই, গতি বিষম জানি, মাকক বৰাই-বুজাই মৌজাদাৰৰ বৰ পুতেক কলিকতালৈ উভত্তিল। পুতেক কলিকতালৈ যোৱাৰ পিচ দিনাখনেই যৌজাদাৰৰ মৌজাতে বৰ টান জ্বৰ উঠিল। গাৰী ধৰি আহি তেওঁ ঘৰত জ্বৰ গালেহি। সান্নিপাতিক জত ভ্ৰৰীয়াই চেঙালুটি পাৰিবলৈ ধৰিছে; সিফালে ঘৈণীয়েকহঁতে অলপ কথাৰ পৰাই খুন্দাযুদে দন্দ মাৰি আলোকা