পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলগ্ৰহ। হৰিংৰ বৰা যৌজাদাৰৰ বয়স এতিয়া আঢ়ৈ কুৰি বছৰৰ ডেওনা ডেই গৈছে। এনে বুঢ়া বয়সত দ্বিতীয় বিবাহ কৰিবলৈ তেওঁৰ কি গা উপালে জানো! তেওঁৰ ইপিনে প্ৰথম৷ ভাৰ্য্যাও জীয়াই আছে আৰু সেই ভাৰ্য্যাৰ গৰ্ভজাত তিনটি লৰ৷ আৰু দুটি ছোৱালীও আছে; তাৰে ব্যাট লৰাই কলিকতাত এফ-এ পঢ়িছেগৈ, ই দুটিয়ে ঘৰৰপৰা অহা- যোৱ৷ কৰি স্থানীয় ইংৰাজী স্থূলত পঢ়িছে। ছোৱালী দুটি অৱজ্ঞে সৰু। কথা-প্ৰসঙ্গত এদিন যৌজাদাৰে মৌজাদাৰনীৰ আগত কলে যে তেওঁৰ অনেক সম্পত্তি, খাওঁতাহে নাই, এতেকে তেওঁ দ্বিতীয় বিবাহ কৰিবৰ মন কৰিছে। তেওঁ ভাবিছিল, ঘৈণীয়েকক কথাৰে ভুলাৰ পাৰিব; গতিকে আগৰেপৰ৷ ৰূপ- খটোৱা গুৰগুৰীত বৰবৰ দীঘল নলিচা লগাই আয়মেৰে ভাল উত্তৰ পাবৰ আশাৰে, টোৰোক টোৰোককৈ 'ধূমপান' কবি তৃপ্তি লভিছিল। কিন্তু তেওঁৰ কথা শুনিয়েই মৌজাদাৰনী টিক্‌চি বিকৃচি উঠিল। মৌজদাৰে সেই পিনেই টভক মাৰিলে। মৌজদানীয়ে কবলৈ ধৰিলে :– “ভালেহে কথাতে কয় বোলে 'মানুহৰ বুঢ়া হলে পৰ্কিতি লৰে, কুকুৰৰ বুঢ়া হলে ফাপৰে ঘৰে।' এই বুঢ়া বয়সত গলগ্ৰহ এটা চপাই মৰিব খুজিছেনে? মানুহক শনিয়ে পালে সি হুলাই-হুলাই বিপদত পেলাইহে এৰে, আপোনাকো তেনে শনিয়েই পাব পায়। আপোনাৰ লৰা-ছোৱালীয়েই বা কি নাইকিয়া হৈছে! ঈশ্বৰে কৰিলে লৰাকেইটিৱেই আপোনাৰ নাম জলাব। বৰ বোপাটিয়ে আপোনাৰ কথা শুনিবলৈ পালে জ্বলি উঠিব। সি একাচেকা লৰা। 'বান্ধিলে মন শিলৰগুটি, মেলিলে মন ঘোৰাৰ চুটি।' আপোনাৰ মনক বান্ধি ৰাখক, 2