পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাউৰী। * কলীয়া কাউৰী, তোক আটায়ে ঘিণায়। মই কিন্তু নিখিণাওঁ, সুকীয়া বিধান মোৰ, কচি আৰু গুণৰ মান কৰ৷ ৰীতি মৌৰ, 'কা-ক৷' মাত কেনে আহ! কাণ জুৰ কৰা! অব্যক্ত ভাষাত জানো অতীত কাহিনী ডোৰ শুনাৱ নৰক। মঙ্গলতী হে কাউৰী, কিৰূপে শিকিলি মঙ্গলৰ আভভাঙ? কোন গুৰু তোৰ? কিনো চতুৰালি কৰি বঙ্কিম গ্ৰীধাৰে ঠেঙ ধৰি নাচি নাচি উৰি উৰি ফুৰ? যদিও চতুৰ, তোক কুলিয়ে দেখোন অনায়াসে ঠগ কৰে তোৰ দ্বাৰা হেৰ, নিজৰ পোৱালি কৰে ডাঙৰ-দীঘল! ইনো কিছু বিধান?—আছেনে কি শাওপাত বিধাতাৰ তোৰ ওপৰত? পৰিলনে বিধাতাৰ কোপদৃষ্টি নিজৰ দোষত - খণ্ডাব নোৱাৰ যাক? কটাইছ দিন, - পৰ-মূৰে-খোৱা ৰীতি কৰিছে কুলিয়ে?

  • অসমীয়া কবিৰ কুলি, কেতেকী, ভোমোৰ।, মলয়া বতাহ অ্যাদ
      • ব কৰা” (hackneyd ) সুৰৰ কবিত৷ পঢ়ি শুনি ডেকা বৰুৱাৰ

আমনি লাগিল আৰু কাণ তাল মাৰিলে। গতিকে তেওঁ এটি নতুন বিষয়ক কবিতা ৰচনা কৰি হাতৰ খজুৱতি মাৰিলে।