পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“ৰাম ভাল, ৰাম ভাল, ৰাম নহয় যম কাল।” 30 আগত, কিন্তু আচল কাম কৰিবৰ বেলিকা তেওঁৰ সাক্ষাতকে পাবলৈ টান। ইয়াকে বোলে “মুখেন মাৰ্তিং জগৎ।” এবাৰ তেওঁ ভ্ৰাতৃ-প্ৰেমৰ কেনে পৰাকাষ্ঠা দেখুৱালে, পাঠক, শুনিবানে? শুনা তেন্তে কওঁ :- তেওঁৰ চাকৰ লৰাটোৰ পানী-লগা জ্বৰ হল, ডাক্তৰক মাতি পঠিয়ালে। ডাক্তৰে'ভিজিটৰ' লোভত দিনটোত দুবাৰ তাক চাবলৈ আহে আৰু দৰবৰ ব্যৱস্থা কৰে। তেওঁ হামিনীৰ প্ৰিয় পাত্ৰ চাকৰ লৰাটোৰ কাৰণে দামী দামী দৰব কিনিবলৈকো টান নাপালে। দৰাৰ আনুষঙ্গিক পথ্য আদিতো ভালেখিনি ধন ভগন হল। ইফালে আন এটি কুঠৰীত তেওঁৰ মুমলীয়া ভাষেকটোও জৰত লালকাল হৈ পৰি আছে, কিন্তু তাৰ ফালে তেওঁৰ ভ্ৰূক্ষেপেই নাই। ডাক্তৰৰ হতুৱাই তাৰ চিকিৎসা কৰাওক ছাৰি তেওঁ তাৰ ভুলবলৈকে। নাবায়; সিকেনে আছে ঘৰৰ কাকে। নোসোধে। দৰব-জাতি, পথ্য আদিৰ কি বাৱা হৈছে তেওঁ তাৰ খবৰেই নাৰাখে। মাকে (মাকৰ পোৰা পেটে নসছিলে দেহি!) আৰ তাৰপৰা ধাৰ-ঋণ কৰি নুমলীয়া পুতেকৰ চিকিৎসা কৰালে, কিন্তু উপযুক্ত পথ্যৰ অভাৱত তাৰ গা টঙাৰলৈ ভালেমান দিন লাগিল। আয়ুগত চাউল আছিল দেখিহে জানিবা সি এই যাত্ৰা ৰক্ষা পালে— দন্নিপাত জ্বৰৰ গৰাহৰপৰা পৰিত্ৰাণ পালে। ওচৰ চুবুৰীয়া আটায়ে তেওঁৰ এনে ঘিণ-লগা ব্যৱহাৰৰ কথা শুনি হৰি হৰি কৰিলে। মুখেৰে পৰিয়ালৰ সকলোৰে লগত যদিও ভাল, কিন্তু পেটে-সমন্বিতে তেওঁ কাকো ভাল নাপায়। অৱশ্যে ইয়াত তেওঁৰ ‘অৰ্দ্ধাঙ্গিণী’ৰ কথা কোৱা নাই। তেওঁলোক দুট্টোকে। মাকে 'বৈঠকখানাত' আনি ভাত দিবহি লাগে, তেহে বোলে তেওঁ মনত সুখ পায়। দুয়ো একেখন মেজত