পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। ন-ছোৱালীৰ বাপেক মৌজাদাৰ যদিও তেওঁৰ অৱস্থা টনকিয়াল নহয়। কাৰণ মৌজাদাৰৰ বহুতো খাব আছে। যথা সময়ত 'কিস্তি’ শোধাবলৈ কেঞা-মহাজনৰপৰা টকা ধাৰ কৰোঁতে কৰোতে সৰ্ব্বস্বান্ত হব লগাত পৰিছে। চহকী মানুহৰ ঘৰলৈ পৰি উকিল হাকিমৰ সহধৰ্ম্মিণী—গতিকে তৰ্কবিজ্ঞান-মতে উকিলনী হাকিমনী—হবলৈ পাই তেওঁ ভেমত ওফন্দি গঙাটোপ যেন হল। লগে লগে উকিল হাকিমৰে৷ স্বভাৱৰ পৰিবৰ্ত্তন হবলৈ ধৰিলে। উকিলনীয়ে দহ বুলিলেই দহ, পঁচি বুলিলেই পঁচি। এক কথাৰে উপমাবিশিষ্ট কৰি কৰলৈ গলে, উলিনা- স্বৰূপিনী জীৱন কাণ্ডাৰিণীৰ (?) হাতত তেওঁৰ জীৱন- তৰণী উৎসৰ্গীকৃত ১২ ভায়েকহঁতৰ পঢ়া খচ, মাক, ভায়ে, ভনীয়েকহঁতৰ খোৱা বোৱাৰ খৰচ আৰু তেওঁবিলাকৰ কোনোবা নৰিয়া পৰিলে ঔষধ-পাতিৰ খৰচ দিবলৈ তেওঁ টান পোৱা হল। তেওঁৰ মানত এইবোৰ হেনো বাজে খৰচ'। ইফালে কলিকতাৰ হেমিল্টন আদি কোম্পানীৰপৰা অহা ঘৈণীয়েকৰ সোণৰ বালা, 'ইহুদী মাকড়ী', ইয়াৰিং', পাছি শাৰী, ৰেচমা জেকেট, ‘ডাম্বেমণ্ড ত্ৰুs’ আদিব ‘পাৰ্চেল' লবলৈ হলে তেওঁৰ ধন ওলায়! কোনো ৰাজহুৱ৷ কাৰ্য্যত বৰঙনি দিবলৈ তেওঁৰ গা বেঙ্গায়, কিন্তু উকিলনীয়ে ঘৰলৈ পঠিয়াবলৈ টকা খুজিলে ( খুঞ্জিলে কিয়, তেওঁক হুকুম দিলে) তেওঁ বিনা বাক্যব্যয়ে তাত মান্তি হয় আৰু মহৎ উদাৰতাৰ পৰিচয় দিয়ে। সভা-সমিতিত দীঘল দীঘল বক্তৃতা দিয়া অভ্যাস তেওঁৰ এতিয়াও আছে, কিন্তু কাৰ্যাত তাৰ বিপৰীত তেৱেঁই কৰে। সমিতিৰ বছেৰেকীয়া অধিবেশন হলে ‘ৰিঞ্জলিউচন পাচ' কৰাত (অৰ্থাৎ প্ৰস্তাৱ ডাঙি ধৰাত বা সমৰ্থন কৰাত ) তেওঁ সদায় আগৰণুৱা আৰু বৰঙনি দিবলৈ অঙ্গীকাৰ কৰি কাকতত চহি দিয়াতো তেওঁ সকলোৰে