পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেক! বৰুৱাৰ বুলনী। সজ কামৰ আলোচন। কৰিব, নহয় বন-বাৰীকে কৰিব; এনেৰে কেতিয়াও, কশ্বিন কালেও, বহি নাথাকে। বুঢ়ালোকে কৈ গৈছে নহয় বোলে 'ডাং কানি আহ্, তাক নাখালে কিহৰ বাপু?' সেয়েছে কওঁ, --- কটা চকুচৰহাহঁত, তহঁতে কানি খা, হেৰ, দহো কুৰি কৈছে। কানি খা; কানি নাখালে তাৰ কি মোল বুজিবি! যদি তহঁতৰ মগজুত বুদ্ধি নাই তেন্তে কানি খা—কানিয়েইহে মগজু বৃদ্ধি কৰিব। কথা নাই, বতৰা নাই, সদায় আমাক আঁজুৰি থাক! আমাৰ ওপৰত নো কি বৰ ন-পতা ফুকন হলিহঁত? সদায় আমাৰ হে মাথোন দোষ দেখ! আমাৰ কানি- ফ্ৰোতকৈ যে তহঁতৰ 'পানী' টোপাত ৰেচি পইচা যায় তালৈ দেখোন তহঁতৰ চকু নাই, অথবা চকু থাকিও কণা। সৰহ কৰৰ সকাম নাই। মিছাতে মুখ বিষোৱাব নোখোজোঁ। হেৰ', আমাক কৰি কি কৰিবি!- কটা, নষ্ট যাবি।” B এই কথা কৈয়েই ( তাৰ কানি খাবৰ পৰ হল হবল। ) সি দেখোন হামিয়াই-হিকটিয়াই বেগ দিলে। ময়ো অলপ পৰ টলকা মাৰি থাকি, তাক একো নকৈ, ঘৰমুৱা হলো।