পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“কটা নষ্ট যাবি।” মামুহ পাবলৈকে টান। কোনে জানে এই ভকতসকলৰপৰা কিমান উপকাৰ হব লাগিছে! তেওঁ বিলাকে এটা আন্দোলন হে তুলি দিব লাগে, মামুহ গেঁজ খাই পৰি মৰসাহ দি ওলায় নহয়। এই কথা কেইআষাৰ শুনি মোৰ হাঁহিত পেটু-নাড়ী ছিগিল; কাৰণ আমুকা ডেকা বৰুৱাৰ বেচ জন। আছে যে কানীয়া ভকতসকলে “ৰাতি হলে সাত হাল বাঁয়, পুৱ। হলে এহালো নাই।” ইহঁতেই সকলো অনিষ্টৰ মূল। কানিত মুখ দি কেনেকৈ গাঁৱৰ গজলীয়া ডেকা লৰাবোৰ এদিন অৰ বাৰীৰ কুঁহিয়াৰ এডাল, আন দিন তাৰ বাৰীৰ কল এথোকা চুৰ কৰি আনি শেষত ‘চুৰি বিদ্যা বৰ বিদ্য৷' অৰ্জনৰ ফলস্বৰূপে দোপাত কানীয়া হৈ নিজৰ মুখ আৰু লগে লগে বংশ-পৰিয়ালৰ মুখ জিলিকায় তাক কবৰ সকাম নাই। কানীয়াৰ ইফালে খাবলৈ ভাত নাই, পিন্ধি- বলৈ কাপোৰ নাই—নান্নং-নবস্ত্ৰং—তেও কানিফেৰ৷ নাখালে নোৱাৰে হামিয়াই-হিকটিয়াই একাকাৰ হয়। যেনে প্ৰকাৰে হওক, চুৰ তাৰি কৰি হলেও, তুমি কানি-টিকিৰ৷ পুৰিবই লাগিব, তেছেলৈ তুমি মৰাই ৰা তৰাই! এনে কাণ্ডজ্ঞানহীন "ভকত' নামধাৰী কানীয়াবোৰেই দেশখন তল নিয়ালে। সি যি হওক, তাৰ পেটৰ কথা উলিয়াবৰ নিমিত্তে, ৰান্ধনীক উচটাই জোল খাবৰ মনেৰে, আকৌ ফুটাই কলে।, “এৰা ভকত, আটাইৰে আকৌ মতি-গতি একে নহয়। তুমি আমি যাক ভাল বোলোঁ, হয়তে। আকৌ আনে তাক বেয়া বুলি ইতিকিং কৰিব। কিন্তু সঁচা কথা কবলৈ গলে, এই ভকতসকলৰ গাত দোষ সমুলকে দিব নোৱাৰি; দিয়াটো নিতান্ত গৰ্হিত কাম। তেওঁলোকে কানি খায় হয়, কিন্তু তাকে চাই কামো কৰে। কিবা এনেই বহি থাকেনে?” কানীয়াই মোৰ ঠাট্টা-বিদ্ৰূপ বুঞ্জিব নোৱাৰি কৈ উঠিল, “ঠিক কৈছে ডাঙৰীয়া, হাতত তেওঁবিলাকৰ সদায় একোটা কাম থাকেই, হয় কিবা