পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
জনকাব্য

এচেনটি পেচন চৰাই। লাহে লাহেৰে মূৰ মেলাই।
 লাহে লাখুটি, পাণ পৰা হাঁকুটি,
 কেশতাৰি, কেশতাৰি, মুকলি হ’ল॥

 টিপচি এ' টিপ্ টিপ্!!
 টিপচিৰ সিপাৰে এখনি নৈ।
 তাতে চোৰে গা ধুলে গৈ,
 পাৰতে ভেকুলী থৈ॥
সেইজনী ভেকুলী মই হে পাম।
 লেমধেমকৈ লৈ ফুৰাম॥

বুঢ়ী আই এ’! এইবেলি মৰিবি জাৰত।
 ফটা কঁঠা ধুই দিম পুখুৰী পাৰত।
 চোৰে লৈ গ’ল খলহু আঁৰত॥

বুঢ়ী আই এ’! নাহিলি সুখৰ কালত
 সাতজনী নিগনী খীৰাই খাইছিলোঁ,
 গেৰেলাক বাইছিলোঁ হালত॥

লাইমাক লাহৰী, নাপাইছোঁ আহৰি,
 ঢেঁকিতে জুৰিছো আহু।
সেই ধানে বানি পিঠাগুড়ি খুন্দি
 বান্ধি যাওঁ জোঁৱাইলৈ লাৰু॥

তাত্ তিতা এতিতা, তিতা কলি।
 দা হেৰুৱালি কেনে কৰি॥
 কেচেৰুে গছতে মাৰিলে ঘা।
 সুলকি পৰিলে ফাকৰ পৰা দা॥

 ৰদে বৰষুণে খৰা শিয়ালৰ বিয়া।
ঘৰ-চিৰিকাই তামোল কাটে আমাকো এখন দিয়াঁ॥