পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
পুতলি


 এটি লৰাৰ গৰু গ'ল।
কলীয়া পানীৰ সিফাল হ’ল॥
নকবি দেইবা, নকবি দেইবা,
কাকৰ ফুল এমলা দিম॥

  কাম চৰাইৰ ৰঙা ঠোঁঁট।
 তাতে দিলে সেন্দুৰ ফোঁট॥
পিতাদেৱ ঐ! দূৰৈকৈ নিদিবা মোক।
 ইবাই বোলে ভাতৰ দুখ,
 সিবাই বোলে মাতৰ দুখ;
পিতাদেৱ ঐ! খেজালি মাৰিব মোক॥

ধিনিকি ধিন্দৌ দাও। ভেচেলীমৰালৈ যাওঁ॥
ভেচেলীৰ জীয়েকৰ বিয়াখন পাতিছে
 ভগা ঢোল বিচাৰি যাওঁ॥

 অ' আই লীলা! বৰদৈচিলা!
কচুখাতী পাৰকৈ, লীলাক দিলে বিয়াকৈ,
 মাকে ঢাকুৰায় হিয়া॥
তিতিকি তিতা পাত, ৰুক্মিণীৰ শুদা হাত,
 কৃষ্ণলৈ বাতৰি দিলে।
দহ অঁৰা আধলি, ছয় অঁৰা মাদলী,
 ৰুক্মিণীৰ হাতলৈ দিলে॥

চেংকলী নিকলী, কাঁহী-বাতি নুধুলি,
 ঠেহ পাতি নাখালি ভাত।
সাতপুৰা সেন্দুৰৰ যোৰ-ফোঁট মাৰিলি,
 গোন্ধ তেল ঘঁহিলি গাত॥

কুট্ কুট্ কুট্! লাহতী হাতৰে ফোঁট।
কুলি কুলি কুলি! মেঘ-বৰণীয়া চুলি॥