পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৯ )
বহ্নিৰ হাপাস পাই গোপ-গৰু কৃষ্ণক তুতি কৰিছা।  কৃষ্ণে সবাকো নিৰ্ভয় দিছা।  

 গোপবালকবিলাকে সেই মুঞ্জবনত সোমাই দেখে যে চাৰিও ফালে দাবাগ্নি দপ্​ দপ্ কৰি জ্বলিব ধৰিছে। জুইৰ তাপত সন্ত্ৰস্ত হৈ গৰুবিলাকে মুখ তুলি আৰু গোপবিলাকে কাষত শিঙা লৈ হাতজোৰ কৰি কৃষ্ণৰ স্তৱ কৰিব ধৰিলে; আৰু কৃষ্ণক কৰবাত দেখা পায় নে কি দূৰৰপৰা ওপৰলৈ নিৰেখি চাব ধৰিলে। ভক্ত-বৎসল কৃষ্ণই তেতিয়া ওখ গছ এজোপাত ধৰি দুটা ঠানিত দুখন ভৰি দি বাঁহী বজাই গাইবিলাকক নাম ধৰি ধৰি মাতাত সকলো গাই আৰু গোৱাল গোট খালে। কৃষ্ণই গোপ-গৰুক ৰক্ষা কৰিবলৈ দাবাগ্নি পান কৰিলে।

 गोपबालकगणोंने मुंजवनमें देखा कि चारों तरफ ढावाग्नि दप् दप्​ कर जल रही है। आगके तापसे डरकर गायें मुँह उठाकर और गोपगण बगल में सींगा लेकर हाथ जोड़कर कृष्णका स्तवन करने लगे; और कही कृष्ण दिखाई देता है क्या सोचकर दूरसे देखने लगे। भक्त-वत्सल कृष्ण तब एक ऊँचे पेड़पर चढ़कर दो टहनियों पर दो पैर रखकर बाँसुरी बजाकर गायोंको नाम ले लेकर पुकारने पर सभी गोए और गोपगण भगवानके समीप आ गये और भगवान श्रीकृष्णने दावाग्नि पान कर उनको बचा लिया।

 ১২