এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
[২য় অঙ্ক
কৃষ্ণ লীলা
দাঁত মুক্তা শাৰী ভুৰু ধেনু জুৰি
মুখত ঈষত হাঁহি।
ত্ৰৈলোক্য মোহন ত্ৰৈলোক্য ঈশ্বৰ
সৃষ্টি স্থিতি লয়কাৰী,
অধমক মোক প্ৰভু ক্ষেমিয়োক
জয় জয় দেৰ হৰি।
⸺
চতুৰ্থ দৃশ্য
কংসৰাইৰ ৰাজসভা
[ কংস, পৰিষদ বৰ্গ, দূত, ৰাণী, মন্ত্ৰী আৰু আন আন যাদব সকল ]
কংস। কাইলৈ মোৰ সমুখত মাল যুঁজ হব,
বহন চোতাল সেই বাবে সুসজ্জিত
কৰা হওক। দূৱাৰত কুবলয় চুপি
সাবধানে থাকিব মাউত সনে ৰৈ।
তাৰ পাছে তোড়ন কাষত চানুৰ
থাকিব যুদ্ধ আশে। চানুৰৰ পাছে
থাকিব মুষ্টিক মাল বেশে সাজু হৈ।
ৰাজ পৰিবাৰ সহ মঞ্চ ওপৰত।
বহি ৰং চাম। কৰদ তলত থকা
ৰাজবৰ্গ বহিব দক্ষিণ কাষে মোৰ
বাওঁফালে পিতা উগ্ৰসেন বসুদেৱ