এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য]
৩৫
কৃষ্ণলীলা
ব্ৰহ্মা আদি দেৱে ঘোৰ তপ কৰি
নুবুজে যাৰ স্বৰূপ।
চৰণ সুন্দৰ সুগন্ধি পদ্মৰ
পাহি অতি মনোহৰ।
সহস্ৰ ভোমোৰা গুঞ্জৰি উৰিছে
মধু আশে নিৰন্তৰ।
পীত ধুতি চাৰু কটিত সুন্দৰ
উৰু দাম ৰম্ভা বাজে,
নূপুৰৰ মাত কিবা সুমধুৰ
চৰণ কমলে বাজে।
সুন্দৰ ককাল হৰৰ ডম্বৰু
ত্ৰিভঙ্গ ভঙ্গিমা দেহ
ৰত্ন কটি সূত্ৰে নিতম্ব শোভিত
আহা কি অপূৰ্ব্ব বেশ।
ককালত বান্ধা ৰত্নেৰে খচিত
বিচিত্ৰ টঙ্গালি খনি,
সুগন্ধি পুষ্পৰ বনমালা দোলে
কণ্ঠত কৌস্তুভ মণি।
বাহু মনোহৰ ডিঙ্গি শঙ্খ জিনি
আঙ্গুলি চম্পাৰে কলি,
মুখ পদ্ম আভা মুনি মনো লভা
চাচৰ সুন্দৰ চুলি।
পদুম নয়ন নাক তিল ফুল
ওঠ বিম্বফল জিনি